অসম

assam

ETV Bharat / state

বানপানী ফলত ক্ষতি পশুধনৰ - জোনাই

লালী নৈৰ বাঢ়নী পানীৰ কবলত জোনাইৰ কৰ্ণপুৰ অঞ্চল ৷ গাঁওখনৰ বহু কেইটা পৰিয়ালৰ কুৰিটাৰো অধিক গৰু মৃত্যুমুখত ৷

বানপানী ফলত ক্ষতি পশুধনৰ

By

Published : Jul 26, 2019, 8:54 AM IST

জোনাই, ২৫ জুলাই : 15 দিনতকৈ অধিক কাল লালী নৈৰ বাঢ়নী পানীৰ কবলত জোনাই ৰাজহ চক্ৰৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ ২ নং কৰ্ণপুৰ অঞ্চল ৷ অঞ্চলটোৰ পথ-পথাৰ সকলো জলমগ্ন হৈ পৰাৰ ফলত খাদ্যৰ অভাৱ, লেতেৰা পানী সেৱনৰ ফলত হানি হয় গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ পশুধন ৷ ফলত এতিয়া বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে খেতিয়কসকল | গাঁওখনৰ বহু কেইটা পৰিয়ালৰ কুৰিটাৰো অধিক গৰুৰ লগতে মৃত্যুমুখত পৰে এটা ঘোঁৰা ৷

বানপানী ফলত ক্ষতি পশুধনৰ
শেহতীয়াকৈ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কৰ্মচাৰী বান বিধ্বস্ত এলেকালৈ গৈ ৰোগাক্ৰান্ত পশুধনৰ চিকিৎসা ব্যৱস্থা কৰিছে যদিও পৰ্যাপ্ত ঔষধৰ অভাৱত খেতিয়কসকলে নিজা খৰছতে ঔষধ ক্ৰয় কৰিব লগীয়া হৈছে | আনহাতে বৰ্তমানেও ৰামধন দিখাৰীৰ অঞ্চলৰ বিভিন্ন গাঁৱত পশুধনৰ মাজত প্ৰাদুৰ্ভাৱ হৈছে ভিন্ন ৰোগৰ ৷

ABOUT THE AUTHOR

...view details