ধেমাজি, 27 মে' : ধেমাজিৰ জোনাইত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ ৷ জোনাইৰ মাজমজিয়াত থকা বহুকেইটা পৰিয়ালৰ ঘৰ-বাৰী কৃত্ৰিম বানত বুৰ যোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন অঞ্চলটোত ৷ ঘৰ-বাৰী এৰি অন্য স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে অঞ্চলটোৰ বহু কেইটা পৰিয়াল ৷
কৃত্ৰিম বানৰ কৱলত ধেমাজিৰ জোনাই
ধেমাজিৰ জোনাইত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ ৷ কৃত্ৰিম বানত বুৰ গ’ল বহু পৰিয়ালৰ বাসগৃহ ৷ অপৰিকল্পিতভাৱে নলা-নৰ্দমা নিৰ্মাণৰ ফলতে সৃষ্টি কৃত্ৰিম বানৰ ৷
কৃত্ৰিম বানৰ কবলত ধেমাজিৰ জোনাই
অপৰিকল্পিতভাৱে নলা-নৰ্দমা নিৰ্মাণৰ ফলত সাধাৰণ এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হৈ জোনাই গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ প্ৰায় কুৰিৰো অধিক পৰিয়ালৰ ঘৰ-বাৰী পুখৰী আদি বিগত কেইবাদিনো ধৰি সম্পূৰ্ণৰূপে বুৰ গৈছে কৃত্ৰিম বানত ৷ ইফালে বাৰীত থকা পুখুৰীটো কৃত্ৰিম বানে বুৰাই পেলোৱাত মুক্ত হৈ পৰিছে পুখুৰীত থকা মাছবোৰ ৷ উল্লেখ্য যে, প্ৰশাসনৰ চৰম হেমাহিত একাংশলোকে চৰকাৰী আঁচনিবোৰ অপৰিকল্পিতভাৱে যধে-মধে নলা-নৰ্দমা নিৰ্মাণৰ ফলত এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷