অসম

assam

By

Published : Nov 22, 2019, 5:20 PM IST

ETV Bharat / state

জীয়াঢলৰ সুঁতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰক 15 দিনৰ সময়সীমা আছুৰ

জীয়াঢলৰ সুঁতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক ১৫ দিনৰ সময়সীমা বান্ধি দিলে পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই পশ্চিম ধেমাজি অঞ্চলৰ চকুলো হৈ পৰা এটা জীয়াঢলৰ সুঁতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাক লৈ জাঙুৰ খাই উঠিছে পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা।

জীয়াঢলৰ সুঁতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰক 15 দিনৰ সময়সীমা আছুৰ

ধেমাজি, ২১ নৱেম্বৰ : আঘোণ মাহতো জীয়াঢলৰ আবতৰীয়া বানত বিপৰ্যস্ত হ'বলগীয়া হৈছে পশ্চিম ধেমাজিৰ ত্ৰিশখনকৈ গাঁও । বিশেষকৈ বৰদলপা,কাৱৈমাৰী,কছাৰীপথাৰ,হাটীপৰা,বৰুৱা পথাৰ,শালমাৰী,পাভমাৰী,ন আলি ভজুগাওঁ,চেঁচাসহগাঁৱৰ চহা কৃষক ৰাইজে আঘোণ মাহতো দেখা নাই শুকান পথাৰৰ মুখ। এফালে যদি পথাৰসমূহ বালিৰে পুতিছে আনফালে অৱশিষ্ট শালিধানৰ কৃষিভূমি ডুব গৈছে আবতৰীয়া বানত। সেয়ে পশ্চিম ধেমাজি অঞ্চলৰ চকুলো হৈ পৰা এটা জীয়াঢলৰ সুঁতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাক লৈ জাঙুৰ খাই উঠিছে পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা

জীয়াঢলৰ সুঁতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰক 15 দিনৰ সময়সীমা আছুৰ

ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে উল্লেখ কৰা তথ্যনুসৰি বিগত বৰ্ষত পশ্চিম ধেমাজিক সুৰক্ষাৰ বাবে ১০ কোটি টকা আবণ্টন দিয়া হৈছিল। সেইদৰে দুৰ্বল মথাউৰিসমূহ মেৰামতিৰ বাবে পাঁচ কোটি টকা আবন্টন হোৱাৰ পিছতো জীয়াঢল নদী নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইতিমধ্যে নদীখন নিয়ন্ত্ৰণৰ বাবে আছুৱে ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল যদিও আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই জিলা প্ৰশাসন তথা ৰাজ্যিক বান নিয়ন্ত্ৰণ বিভাগে।

এইক্ষেত্ৰত চৰকাৰ আৰু ধেমাজিৰ বিধায়ক আৰু লখিমপুৰৰ সাংসদ গৰাকীক তীব্ৰ সমালোচনা কৰি ১৫ দিনৰ ভিতৰত জীয়াঢল সুঁতিটোক নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই । অন্যথা স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে।

লগতে পঢ়কঃ"আই আই টি গুৱাহাটী"ত আত্মহত্যা বিদেশী ছাত্ৰৰ

ABOUT THE AUTHOR

...view details