জোনাই, ১৬ আগষ্ট : তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সমূহ শীঘ্ৰেই ৰূপায়ণ কৰিবলৈ দাবী জনাইছে বিটিআৰৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদে ৷ বুধবাৰে দিনৰ ৩ বজাত অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ কাৰ্যালয়ত সংবাদমেল আয়োজন কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰীয়ে কয় ২০২০ চনৰ ২৭ জানুৱাৰীত এনডিএফবিৰ চাৰিটা গোট, এবছু আৰু ইউবিপিঅৰ মাজত তৃতীয় বড়ো শান্তি চুক্তি চমুকৈ বিটিআৰ চুক্তি সম্পাদিত হয় ৷ তিনিটা বছৰ পাৰ হোৱাৰ পাছতো চুক্তিৰ ৫.১ নং দফা মতে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাওঁ চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত নকৰিলে ৷
সেইদৰে বিটিআৰ চুক্তিৰ দফা নং ৬.৩ মতে বি টি আৰৰ বাহিৰৰ বড়ো মাধ্যমৰ অ-প্ৰাদেশিক বিদ্যালয়, মহাবিদ্যালয়সমূহ প্ৰয়োজন সাপেক্ষে বিশেষ ৰেহাই দি হ'লেও প্ৰাদেশিকীকৰণ ব্যৱস্থা থকা সত্বেও প্ৰাদেশিকীকৰণ কৰা নহ'ল আৰু অমঞ্জুৰীপ্ৰাপ্ত মহাবিদ্যালয় সমূহত বড়ো বিভাগৰ প্ৰৱক্তা নিযুক্ত কৰা নহ'ল ৷ চৰকাৰে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদলৈ বছৰি মঞ্জুৰী দিয়া মাত্ৰ তেৰ কোটি পঞ্চাশ লাখ টকা পুঁজিৰে বিটিআৰৰ বাহিৰৰ বৰাক উপত্যকাক সামৰি ঊনৈশখন জিলাৰ বড়ো জনগণৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয় বুলি উল্লেখ কৰি বিকেডব্লিউএচিলৈ শকত পুঁজি আৱন্টন দিবলৈ দাবী জনায় ৷