জোনাই ৫ মাৰ্চ: শুকুৰবাৰে নিৰ্বাচন আয়োগে অসমৰ লগতে আন চাৰি ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে । ৰাজনৈতিক দলৰ লগতে নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰশাসনৰ ৷ নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলে সঘনে মিলিত হৈছে বৈঠকত ৷ বৃহস্পতিবাৰে ধেমাজি জিলাৰ জোনাই মহকুমা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে অনুষ্ঠিত কৰা হয় এক সংবাদমেল ।
অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে সদৰী কৰিছে নিৰ্বাচনৰ বিধি সম্পৰ্কীয় তথ্য । উল্লেখ্য যে, ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা বয়োজেষ্ঠ, ক’ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ প’ষ্টেল বেলট সন্দৰ্ভত জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে বুধবাৰে এক সংবাদ মেল সম্বোধন কৰে । এই সংবাদমেলত মহকুমাধিপতিগৰাকীয়ে প’ষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি উক্ত ব্যৱস্থাসমূহত পৰা লোকসকলক এই বিশেষ বেলটৰ সুবিধা ল’বলৈ আহবান জনায় । বিশেষভাৱে সক্ষম, ৮০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ, ক’ভিড আক্ৰান্ত ব্যক্তিৰ বাবে প’ষ্টেল বেলটৰ সুবিধা আগবঢ়াইছে ৷