ধেমাজি, 26 মে’:ৰাজ্যত কৰ’ণাৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে জিলা প্ৰশাসন সমূহ সাজু হ’বলগীয়া হৈছে অনাগত বান পৰিস্থিতিৰ বাবেও ৷ বানৰ ভয়াৱহতাই প্ৰত্যেক বছৰে ক্ষতিগ্ৰস্ত কৰা ধেমাজি জিলাও ব্যতিক্ৰম নহয় ৷
সম্প্ৰতি, বানপানী আৰু গৰাখহনীয়াৰ বাবে আগতীয়াকৈ সাজু হৈছে ধেমাজি জিলা প্ৰশাসন ৷ মঙলবাৰে, শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ড৹ ৰণোজ পেগু ধেমাজিত উপস্থিত হৈ কয় যে, ক’ভিড প্ৰতিৰোধৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি থকাৰ সমান্তৰালভাৱে আসন্ন বাৰিষাক লৈ সাজু হৈছে ধেমাজিৰ জিলা প্ৰশাসন ৷ মন্ত্ৰী গৰাকীয়ে লগতে জনায় যে, আগতীয়াকৈ মথাউৰি মেৰামতি, গৰাখহনীয়াৰ কাম আৰু বান সাহাৰ্যৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ৷
বান আৰু গৰাখহনীয়া বাবে আগতীয়াকৈ সাজু হৈছে জিলা প্ৰশাসন : ৰণোজ পেগু উল্লেখ্য যে, ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হোৱাৰ পিছত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, ক’ভিডৰ বৰ্ধিত সংক্ৰমণ ৰোধৰ বাবে গাঁৱে গাঁৱে স্বাস্থ্য কৰ্মী ,আশা কৰ্মী প্ৰেৰণ কৰি আগতীয়াকৈ আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা থকা ব্যক্তিক চিনাক্ত কৰি ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
ইফালে, কণমানি শিক্ষাথী সকলক ঘৰতে শিক্ষা উপলব্ধ কৰাৰ ব্যৱস্থা গ্ৰহন কৰিব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ৷
লগতে পঢ়ক :বিশাখাপট্টনমৰ এইচপিচিএল প্ৰকল্পত অগ্নিকাণ্ড