অসম

assam

By

Published : Feb 21, 2021, 1:38 PM IST

ETV Bharat / state

সংগীতৰ তালত ব্যস্ত এজাক শিশুৰ শৰীৰ চৰ্চা

শনিবাৰে ধেমাজিৰ ডিআৰডিএ প্ৰাংগণত জুম্বা অনুষ্ঠানৰ বিশেষভাৱে প্ৰদৰ্শিত 'জুম্বা মাষ্টাৰ ক্লাছ' ৷ আধুনিক জীৱনশৈলীত অভ্যস্ত সকলোৰে বাবে সুস্বাস্থ্য অটুট ৰখা মূলমন্ত্ৰ কঢ়িয়াই আনিছে আধুনিক জুম্বাই ৷ সেই উদ্দেশ্য শনিবাৰে ধেমাজিত এই কাৰ্যসূচী পালন কৰা হয় ৷

ধেমাজিত সংগীতৰ তালে তালে শৰীৰ চৰ্চা এজাক শিশু, কিশোৰী আৰু মহিলাৰ
ধেমাজিত সংগীতৰ তালে তালে শৰীৰ চৰ্চা এজাক শিশু, কিশোৰী আৰু মহিলাৰ

ধেমাজি,২১ ফেব্ৰুৱাৰী: স্বাস্থ্য ভালে থাকিলেহে মন ভালে থাকে । দেহাই বেহা । এই কথাকে সাৰোগত কৰি ধেমাজিত সংগীতৰ তালে তালে শৰীৰ চৰ্চা এজাক শিশু, কিশোৰী আৰু মহিলাৰ । এটা সুস্থ নিৰোগী শৰীৰতহে সুস্থ মনৰ সৃষ্টি হয় ৷ এগৰাকী ব্যক্তিৰ শৰীৰ আৰু মন স্বাস্থ্যবান হ'লেহে সুস্বাস্থ্যৰ গৰাকী বুলি ক’ব পাৰি ৷ সেয়ে বৰ্তমান সময়ত সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ উপৰিও শাৰীৰিক ব্যায়ামৰ ক্ৰিয়া-কলাপৰ প্ৰয়োজন ৷

বৰ্তমান সময় সলনি হোৱাৰ লগে লগে সলনি হৈছে শাৰীৰিক ব্যায়ামৰ ক্ৰিয়া-কলাপ ৷ অত্যাধুনিক জিমৰ সমান্তৰালভাৱে এইক্ষেত্ৰখনত সংযোজন ঘটিছে জুম্বা পদ্ধতিৰ ৷ সংগীতৰ তালে-তালে শৰীৰ অংগ সঞ্চালনাৰ জৰিয়তে সু স্বাস্থ্যৰ অধিকাৰী হোৱাৰ নতুন উপায় হৈছে জুম্বা ৷ সেয়ে আধুনিক জীৱন শৈলীত অভ্যস্ত হোৱা সকলোৰে বাবে সুস্বাস্থ্য অটুট ৰখা মূলমন্ত্ৰ কঢ়িয়াই আনিছে আধুনিক জুম্বাই ৷ সেই উদ্দেশ্য শনিবাৰে ধেমাজি ডি আৰ ডি এ প্ৰাংগনত জুম্বা অনুষ্ঠানটোৰে বিশেষভাৱে 'জুম্বা মাষ্টাৰ ক্লাছ' প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আমোদ দিয়ে ৷

ধেমাজিত সংগীতৰ তালে তালে শৰীৰ চৰ্চা এজাক শিশু, কিশোৰী আৰু মহিলাৰ

উল্লেখ্য যে, ২০১৯ ৰ পৰা ধেমাজিত স্থাপন কৰা জুম্বা নামৰ আধুনিক শৰীৰ চৰ্চা অনুষ্ঠানটোৱে বহু মহিলা, শিশু আৰু কিশোৰ-কিশোৰীসকল যথেষ্ট উপকৃত কৰিছে বুলি জানিবলৈ দিয়ে অনুষ্ঠানটোৰ প্ৰশিক্ষক প্লাবিতা হাজৰিকাই ৷ ইপিনে মনোৰঞ্জনৰ জৰিয়তে এঘন্টা সময় ব্যয় কৰিয়ে সু স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব বুলি মন্তব্য কৰে ধেমাজিৰ প্ৰশিক্ষকগৰাকীয়ে ৷

শনিবাৰৰ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ধেমাজিৰ শৰীৰ চৰ্চাবিদ মনজিৎ পাল , শিক্ষয়িত্ৰী নিবেদিতা বড়া সন্দিকৈ, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী প্ৰৱক্তা শংকৰ পৰটোৱাৰী, গোগামুখ মহাবিদ্যালয়ৰ সহযোগী প্ৰৱক্তা দিগন্ত কাকতি, ধেমাজি 'মাদাৰ্চ প্ৰাইড স্কুল'ৰ অধ্যক্ষ বিজয় দাস, বিশিষ্ট ব্যবসায়ী তথা অভিনেতা নিপ কোঁৱৰকে ধৰি বহু গণ্য মান্য ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

লগতে পঢ়ক:বিজেপিক উৎখাতৰ বাবে ৰাইজৰ দলৰ জন্ম: কমল কুমাৰ মেধি

ABOUT THE AUTHOR

...view details