আৱৰ্ত ভৱনত কাৰ্টনে কাৰ্টনে সুৰা - সুৰা
আৱকাৰী বিভাগে বিভিন্ন স্থানত অবৈধভাৱে জব্দ কৰা সুৰা প্ৰশাসনৰ অনুমতি সাপেক্ষে ৰখা হৈছিল ধেমাজি জিলাৰ আৱৰ্ত ভৱনত ৷
আৱৰ্ত ভৱনত কাৰ্টুনে কাটুনে সুৰা
ধেমাজি ,19 জুলাইঃ শুক্ৰবাৰে ধেমাজি জিলাৰ আৱৰ্ত ভৱনৰ নৱনিৰ্মিত এটা কোঠাত কাৰ্টনে কাৰ্টনে উদ্ধাৰ হয় সুৰা । অৱশ্যে এই সুৰাসমূহ আৱকাৰী বিভাগে বিভিন্ন স্থানত অবৈধভাৱে জব্দ কৰা সুৰাহে বুলি জানিবলৈ দিছে । আৱকাৰী বিভাগৰ নিজা গুদাম নথকাৰ বাবে প্ৰশাসনৰ অনুমতি সাপেক্ষেহ আৱৰ্ত ভৱনত এই সুৰা সমূহ জব্দ কৰা হৈছিল । এই সুৰা সমূহ আদালতৰ নিৰ্দেশমৰ্মে দণ্ডাধীশৰ উপস্থিতিত ধেমাজি কাছাৰী ময়দানত জ্বলাই নষ্ট কৰা হয়৷