ধেমাজি, 24 জানুৱাৰীঃ CAAপ্ৰত্যাহাৰৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত শুকুৰবাৰে গোগামুখত, ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা' কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে 24 ঘন্টাৰ ভিতৰত কেবিনেটত সিদ্ধান্ত লৈ CAA বাতিল কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে৷ এই সমদলত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা,মুখপাত্ৰকমল মেধি, হৰিশ ৰাৱাটৰলগতে কংগ্ৰেছৰ কেইবাগৰাকীও নেতা তথা পদাধিকাৰীয়ে ৷
ধেমাজিৰ গোগামুখত কংগ্ৰেছৰ 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা' - কমল মেধি
গোগামুখত ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা' নামেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰপায়ন কৰে ৷
'অস্তিত্ব ৰক্ষাৰ জনজাগৰন যাত্ৰা'