ধেমাজি, ২২ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে । সাজু কৰি তোলা হৈছে ধেমাজিৰ কাছাৰী ময়দান । অহা ২৬ জানুৱাৰীত জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত উদযাপন কৰা হ'ব ৭২ সংখ্যক গণৰাজ্য দিৱস । পেৰেডত অংশগ্ৰহণৰ বাবে যোৱা ১৮ জানুৱাৰীৰ পৰা আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীসকলে অনুশীলন অব্যাহত ৰাখিছে ।
ধেমাজিত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি - ধেমাজিৰ কাছাৰী ময়দান
ধেমাজিৰ কাছাৰী ময়দানত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত । পেৰেডত অংশগ্ৰহণৰ বাবে যোৱা ১৮ জানুৱাৰীৰ পৰা আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীসকলে অনুশীলন অব্যাহত ৰাখিছে ।
আনহাতে, শুক্ৰবাৰে কাছাৰী ময়দানত উপস্থিত হৈ গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ বুজ লয় জিলা আৰক্ষী অধীক্ষক ড০ ধনঞ্জয় ঘানাৱাটে । তেওঁ কয় যে, এইবাৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰি, ক'ভিড প্ৰটকল মানি ছাত্ৰ ছাত্ৰীসকলক পেৰেডত অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব ৷ এইবাৰ পেৰেডৰ অনুশীলনত অংশ ল'বলৈ অহা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰাপত্তা আৰু সহযোগিতা লাভ কৰিছে বুলি মন্তব্য কৰে শিক্ষক জয়ন্ত বৰাই ।
আনহাতে, গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত জিলাখনত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টণী গঢ়ি তুলিছে । গণৰাজ্য দিৱসৰ কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছে জিলা প্ৰশাসনে ।
লগতে পঢ়ক:নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে নামৰূপ সাৰ কাৰখানালৈ মনত পৰিল চৰকাৰৰ !