চিয়াং নদীৰ ধ্বংসলীলাৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ - চিয়াং নদীৰ খহনীয়াই
জোনাই অঞ্চলৰ ৰাইজৰ অতি প্ৰশংসনীয় পদক্ষেপ ৷ চিয়াং নদীৰ বানে জোনাইৰ ৰাভা কাঠনিত মথাউৰি ছিঙি অঞ্চলটোক সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন কৰি দিয়াত অঞ্চলটোৰ ৰাইজে চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি মথাউৰিটোৰ ভঙা অংশৰ ওপৰত নিজে নিৰ্মাণ কৰি লৈছে এখন বাঁহৰ দলং ৷
জোনাই,20 জুলাই : ধেমাজি জিলাৰ জোনাইত কালৰূপ ধাৰণ কৰিছে চিয়াং নদীৰ খহনীয়াই | জোনাইৰ বেৰাচাপৰিত ইতিমধ্যে চিয়াং নদীৰ খহনীয়াত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী | চিয়াং নদীৰ বানে অলপতে জোনাইৰ ৰাভা কাঠনিত মথাউৰি ছিঙি দিয়াত ৰাভা কাঠনি, সোনোৱাল কাঠনি, চুতীয়া চুক, হাজং বস্তি, উৰাং, মালভোগ আদি কৰি দহখনৰোধিক অঞ্চল সম্পূৰ্ণৰূপে চিয়াঙৰ বুকুত ৷ বৰ্তমান অঞ্চলটো সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ আছে জোনাইৰ সদৰৰ সৈতে ৷ কিন্তু বানপীড়িত গাঁও কেইখনৰ ৰাইজে বাট চাই থকা নাই চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতিলৈ | অঞ্চলটোৰ ৰাইজে নিজৰ দান বৰঙণি তথা শ্ৰম দানেৰে প্ৰায় 15/16 ফুট গভীৰ পানীত মথাউৰিটোৰ ভঙা অংশৰ ওপৰত বাঁহৰে দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা কৰি লৈছে ৷