ধেমাজি, 8 জানুৱাৰী :নতুন বছৰ আৰম্ভণিতে ৰাজ্যজুৰি দেৰগাঁও বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই যোৱাৰ পিছত পূৰ্বতকৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহন আৰু আৰক্ষী বিভাগ ৷ এই দুৰ্ঘটনাৰ পৰা শিক্ষা লৈ সম্বিৎ ঘূৰি আহিছে বহুতৰে ৷ ইতিমধ্যে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই চৰকাৰে বনভোজ দল কঢ়িওৱা বাহনলৈ জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷
ইয়াৰ মাজতে ধেমাজি জিলাত ধেমাজি পৰিবহন বিভাগ আৰু আৰক্ষীয়ে জিলাখনৰ বনভোজস্থলীসমূহ পৰিদৰ্শন কৰি সকলোকে সজাগতা অবলম্বন কৰিবলৈ নিৰ্দেশ দিছে ৷ সুৰা সেৱন কৰি গাড়ী চলোৱা আৰু তীব্ৰ গতিত গাড়ী চলোৱাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা যান-বাহন আৰক্ষী আৰু পৰিবহন বিভাগে ৷
সোমবাৰে এই সন্দৰ্ভত ধেমাজি জিলা পৰিবহন বিষয়া গৌতম ডেকাই জনোৱা অনুসৰি, ধেমাজি জিলাৰ বনভোজ স্থলীসমূহ পৰিদৰ্শন কৰি সুৰাৰ বিৰুদ্ধে সকলোকে সজাগতা অবলম্বন কৰিবলৈ আহ্বান জনাইছে ৷ লগতে আৰক্ষীৰ সহযোগত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰু যান-বাহন উলংঘা কৰা সকলৰ বিৰুদ্ধে ক্ষীপ্ৰগতিত অভিযান চলাইছে ৷ ধেমাজি নগৰৰ মাজেৰে যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগৰ বিশেষভাৱে সংযোজিত হৈ থকা interceptor ব্যৱস্থাৰে অত্যাধিক গতিত বাহন চলোৱা সকলৰ বিৰুদ্ধে জৰিমনা ভৰাইছে ৷ বিশেষকৈ তীব্ৰ বেগত চলোৱা অৰুণাচলৰ পৰা অহা বাহনত তীক্ষ্ণ দৃষ্টি দিছে বিভাগে । এতিয়ালৈকে বহুকেইটা গোচৰো পঞ্জীয়ণ কৰি জৰিমনা বিহা হৈছে ৷