অসম

assam

By

Published : Feb 2, 2021, 9:26 PM IST

ETV Bharat / state

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জয়

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৃহৎ সফলতা ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলে বিপুল ভোটত জয়লাভ কৰে । নিৰ্বাচনত সফলতা লাভ কৰাৰ পিছতে ধেমাজি নগৰৰ মাজেৰে বিশাল শোভাযাত্ৰা উলিওৱা হয় ।

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জয়
ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জয়

ধেমাজি, ২ ফেব্ৰুৱাৰী: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জিলিকিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী । মঙলবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় ।মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলে বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হয় ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী লীনা কাকতিয়ে সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি জয় লাভ কৰে ।

উপ-সভাপতিৰ পদত কৌশিক দিহিংগীয়া, সাধাৰণ সম্পাদকৰ পদত যদুমনি পাংগিং, সহ-সম্পাদকৰ পদত মৃত্যুঞ্জয় দাস, আলোচনী সম্পাদকৰ পদত ৰেখামণি দিহিংগীয়া, ক্ৰীড়া সম্পাদকৰ পদত ডেনিয়েল দলে, সাংস্কৃতিক সম্পাদকৰ পদত দেৱজিৎ বৰ্মন, ছাত্ৰী জিৰণি কোঠা সম্পাদিকাৰ পদত প্ৰিয়ংকা চাৰহ আৰু শৰীৰ চৰ্চা সম্পাদকৰ পদত অক্ষয় কুমাৰ বৰুৱাই এবিভিপি সমৰ্থিত প্ৰাৰ্থীক বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰে ।

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জয়

বিজয়ী প্ৰাৰ্থীসকলক ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে উষ্ম আদৰণি জনোৱা হয় । এই কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ সভাপতি যুগল গগৈ, সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা আৰু মন্টু কাৰদং, উপ-সভাপতি ভাস্কৰ বৰগোহাঁই, প্ৰচাৰ সম্পাদক অতনু চেতিয়া, সদৰ আঞ্চলিক সমিতিৰ সভাপতি ৰুবুল বৰগোহাঁই আৰু সম্পাদক প্ৰাঞ্জিৎ বৰগোহাঁই উপস্থিত থাকে । নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে ধেমাজি নগৰৰ মাজেৰে বিশাল শোভাযাত্ৰা উলিওৱা হয় ।


লগতে পঢ়ক:চিৰাঙত তেলচুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details