অসম

assam

ধেমাজিত জীয়াঢল নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

By

Published : Aug 23, 2020, 2:05 PM IST

নদীত গা ধুই থাকোতেই অৰিন্দম বৰুৱা(২৪) আৰু ভূপেন্দ্ৰ নৰহ(২৪) নামৰ যুৱক দুজন হঠাত নদীত সন্ধানহীন হৈ পৰে ৷ ঘটনাৰ পিছতেই আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উপস্থিত হৈ অভিযান চলাই যদিও মৃতদেহ উদ্ধাৰত বিফল হয় ৷

deadbody recovered in Dhemaji
ধেমাজিত জীয়াঢল নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ধেমাজী, 23আগষ্টঃ ধেমাজিৰ সদৰ আৰক্ষী থানাৰ অন্তগৰ্ত অসম-অৰুণাচল সমীপৱৰ্তী জীয়াঢল মুখত ২২ আগষ্টত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰা দুজন যুৱকৰ এজনৰ মৃতদেহ উদ্ধাৰ হয় দেওবাৰে । ঘটনাস্থলীৰ পৰা ৪ কিল'মিটাৰ নিলগত মৃতদেহ উদ্ধাৰ হয় ৷ আনটো মৃতদেহৰ সন্ধানত পুৱাৰে পৰা অভিযান অব্যাহত ৷

ধেমাজিত জীয়াঢল নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

জানিব পৰা মতে, পুৱা প্ৰায় ১০ বজাত ৫ জনীয়া যুৱকৰ দলটোৱে এখন এল্টো গাড়ীৰে ধেমাজি নগৰৰ পৰা 15 কিল'মিটাৰ নিলগৰ অসম-অৰুণাচলৰ পাহাৰৰ সমীপৱৰ্তী জীয়াঢলৰ নদীৰ উজনি মুখলৈ ফুৰিবলৈ গৈছিল ৷ বহু সময় ধৰি পাহাৰৰ নদীৰ কাষত প্ৰাকৃতিক দৃশ্য উপভোগ কৰা পিছত যুৱক কেইজনে ঘৰলৈ অহা সময়ত বিয়লি প্ৰায় ৪ বজাত নদীখনৰ কাষতে ফটো মাৰি নদীখনত গা ধুৱে ৷ নদীত গা ধুই থাকোতেই অৰিন্দম বৰুৱা(২৪) আৰু ভূপেন্দ্ৰ নৰহ(২৪) নামৰ যুৱক দুজন হঠাতেই নদীত সন্ধানহীন হৈ পৰে ৷ ঘটনাৰ পিছতেই আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উপস্থিত হৈ অভিযান চলাই যদিও মৃতদেহ উদ্ধাৰত বিফল হয় ৷ দেওৱাৰে পুৱা পুনৰ ৫ বজাৰ পৰা চলোৱা অভিযানত ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিল'মিটাৰ আঁতৰত অৰিন্দম বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও ভূপেন্দ্ৰ নৰহৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়কঃএৰী-মূগা পালনৰ জৰিয়তেও হ'ব পাৰি স্বাৱলম্বী !

ABOUT THE AUTHOR

...view details