অসম

assam

ETV Bharat / state

প্ৰাক্তন সাংসদ তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ দেহাৱসান - বিধায়ক

গুৱাহাটীৰ ডাউন টাউন হাস্পতালত প্ৰাক্তন সাংসদ,বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ দেহাৱসান ঘটে ৷ প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ বিভিন্ন দল-সংগঠনৰ ৷

প্ৰাক্তন সাংসদ তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ দেহৱসান

By

Published : Jul 23, 2019, 12:36 PM IST

Updated : Jul 23, 2019, 2:39 PM IST

জোনাই, 23জুলাই : প্ৰাক্তন সাংসদ,বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক,সাধাৰণ সম্পাদক তথা সাহিত্যিক চৰণ নাৰ্জাৰীৰ দেহৱসান ৷ গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ৰাতিপুৱা প্ৰায় ৪.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে সাহিত্যিক চৰণ নাৰ্জাৰীৰ ৷ মৃত্যুৰ সময়ত চৰণ নাৰ্জাৰীৰ বয়স আছিল ৮৭ বছৰ ৷

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক চৰণ নাৰ্জাৰী প্লেইনছ ট্ৰাইবেলছ কাউন্সিল অফ আছাম (পি টি চি এ)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল ৷ ১৯৬৭ চনত পিটিচিএ গঠন হোৱাৰ পাছত জনজাতীয় লোকসকলৰ সৰ্বাংগীণ সুৰক্ষাৰ লক্ষ্যৰে তেওঁলোকে ‘উদয়াচল’ নামেৰে সুকীয়া ৰাজ্যৰ দাবীও উত্থাপন কৰিছিল ৷ চৰণ নাৰ্জাৰী ১৯৭২ চনৰ বিধানসভাৰ নিৰ্বাচনত বিপুল সংখ্যক ভোট লাভ কৰি অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু বিধায়ক হিচাপে কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত তেওঁ ১৯৭৭ চনত লোকসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল ৷ ইয়াৰ পাছত ১৯৮৫ চনত তেওঁ পুনৰ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়। প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যুত ধেমাজি জিলা (UBPO)সংযুক্ত বড়ো গণমঞ্চৰ লগতে ধেমাজি জিলাৰ এবছু,আবৌফ অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বি এল টি কল্যাণ পৰিষদ, জোনাই জিলা বড়ো সাহিত্য সভাৰ উপৰিও সংযুক্ত বড়ো গনমঞ্চৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীয়ে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

Last Updated : Jul 23, 2019, 2:39 PM IST

ABOUT THE AUTHOR

...view details