কৰিমগঞ্জ আৰু জোনাই , 4 ডিচেম্বৰঃ কৰিমগঞ্জৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু লোয়াইৰপোৱা উন্নয়নখণ্ড কাৰ্য্যালয়ৰ সম্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দুটাকৈ দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক । প্ৰথমটো দুৰ্ঘটনা ছলগইৰ এঘাৰ নম্বৰ এলেকাত সংঘটিত হয় । TR 05 B 1903নম্বৰৰ পাঁচলি কঢ়িওৱা এখন ট্ৰাকে আন এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় । থিতাতে নিহত হয় পাঁচলি কঢ়িওৱা ট্ৰাকৰ হেণ্ডিমেন ছামছাউদ্দিন । গুৰুত্বৰ ভাৱে আহত হয় চালকআছাদুৰ ৰহমানআৰু মালিক আজিজউদ্দিন । সংকটজনক অৱস্থাত দুয়োজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু দুৰ্ঘটনাগ্ৰস্ত লোককেইজনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে ।
দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হয় লোয়াইৰপোৱা উন্নয়নখণ্ডকাৰ্য্যালয়ৰ সম্মুখত । ট্ৰাক আৰু অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় দুৰ্ঘটনা । থিতাতে নিহত অটোচালক আব্দুল মতিন আৰু যাত্ৰী ৰায়াত আলি । অটোৰিক্সাৰ চাৰিজন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ নম্বৰNL 01 Q 7934 আৰু অটো ৰিক্সাৰ নম্বৰAS 10 C 2884 ৷