জোনাই, ২৫ জুনঃ জোনাইত চিয়াং নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ ইতিমধ্যে বানত আৱদ্ধ হৈ পৰিছে অঞ্চলটোৰ শতাধিক লোক ৷
জোনাইত নেৰা-নেপেৰা বৰষুণৰ ফলত বাঢ়ি আহিছে চিয়াং নৈ জলপৃষ্ঠ ৷ চিয়াং নৈৰ বাঢ়নী পানীত ইতিমধ্যে জলমগ্ন হৈ পৰিছে বিভিন্ন অঞ্চল ৷ জোনাইৰ বেৰা চাপৰি ধৰি বিভিন্ন অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৷ নৈ খনৰ বাঢ়নী পানীত ৭-৮ দিনে জলবন্দী হৈ আছে ১৫-১৬ খনকৈ গাঁৱৰ শ-শ পৰিয়াল ৷ বানত ঘৰ দুৱাৰ ডুৱ যোৱাৰ ফলত বহু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয় বানাক্ৰান্ত লোক সকলৰ ৷
জোনাইত ভয়ংকৰ বানত জলমগ্ন বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে উক্ত বানাক্ৰান্ত লোক সকলে নিজ ঘৰ- দুৱাৰ এৰি আশ্ৰয় শিৱিৰত আশ্ৰয় ল'বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷ কণ-কণ শিশুৰ লগতে গৰু-ছাগলী, গাহৰি আদি পোহনীয় জীৱ-জন্তুবোৰ ৰখাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বানাক্ৰান্ত লোক সকলে মথাউৰিত আশ্ৰয় লৈ আছে যদিও যিকোনো সময়তে উক্ত মথাউৰি বাঢ়নী পানীত বুৰ যাব বুলি শংকিত হৈ পৰিছে বানাক্ৰান্ত লোক সকল ৷
আনহাতে, বুধবাৰে মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙৰ নেতৃত্বত এছ ডি আৰ এফ বাহিনীয়ে বেৰা চাপৰি ১ নং টাৰি বস্তি আৰু বেৰা বেংগলীত আৱদ্ধ হৈ থকা ৩৬ পৰিয়ালৰ শিশুসহ ১০১জন লোকক উদ্ধাৰ কৰে৷ আৰু জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত মহকুমা প্ৰশাসনে বানাক্ৰান্ত লোক সকলৰ বাবে আশ্ৰয় শিবিৰ স্থাপন কৰি শিবিৰত থকাৰ বাবে ব্যৱস্থা কৰি দিয়ে ৷
লগতে পঢ়ক- ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ: বৃদ্ধি পাইছে জলস্তৰ