জোনাই, 21 জুলাই :ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰ (Jonai Circle Office)ত বছৰ বছৰ ধৰি একেটা এলেকাতে কাৰ্যনিৰ্বাহ কৰি কৰ্তব্য সম্পাদনত চূড়ান্ত অৱহেলা কৰি অহা মণ্ডলসমূহৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ । জোনাই ৰাজহ চক্ৰৰ বাহিৰ জোনাই, চিলে গাঁও পঞ্চায়তৰ ৰাইজে ৰাজহ চক্ৰটোৰ বহু মণ্ডলে বছৰ বছৰ ধৰি একেটা এলেকাতে কৰ্মৰত হৈ কৰ্তব্যত চূড়ান্ত অৱহেলা আৰু গাফিলতি কৰি অহাৰ অভিযোগ কৰিছে ৷ যাৰ বাবে ৰাজহ চক্ৰটোৰ ৰাইজে বহু আবেদন-নিবেদন কৰাৰ পাছতো দীৰ্ঘদিন ধৰি ভূমি পট্টা লাভৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে ৷
তদুপৰি মণ্ডলসমূহে কৰ্তব্য সম্পাদনত গাফিলতি আৰু অৱহেলা কৰাৰ ফলত সময়মতে জৰীপ কাৰ্য হোৱা নাই বুলি অভিযোগ কৰিছে এইসকল লোকে ৷ আনহাতে বানৰ সময়তো মণ্ডলসমূহে নিজৰ কৰ্তব্যত অৱহেলা কৰি অহাত বানাক্ৰান্ত ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে বুলি ৰাজহ চক্ৰটোৰ বাসিন্দাসকলে অভিযোগ কৰিছে । জোনাই ৰাজহ চক্ৰৰ মণ্ডলসমূহৰ বিৰুদ্ধে এনেবোৰ অভিযোগ উত্থাপন কৰি মণ্ডলৰ বিষয়া কৰ্মচাৰীক বদলিকৰণৰ দাবীত এইসকল লোকে জোনাই মহকুমাৰ মহকুমাধিপতিক ২৫ জুন এক লিখিত আবেদন দাখিল কৰে ৷