জোনাই, 7 মে': জোনাই মহকুমাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত নদীদ্বীপ কবু চাপৰিত গৰু চুৰ কৰি নি কাটি খোৱা ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে কবু চাপৰি গাঁৱ পদুম আচাৰ্যৰ নামৰ লোকজনৰ গোহালিৰ পৰা ৭ জন যুৱকে চুৰি কৰিছিল এটা দমৰা গৰু ৷ গৰু চোৰৰ দলটোৰ ৪ জনক ৰাইজে ধৰি আৰক্ষীৰ ওচৰত গতাই দিয়ে । তিনিজন চোৰ বৰ্তমান পলাতক অৱস্থাত ৷ জানিব পৰা মতে সোমবাৰে নিশা কবু চাপৰিৰ পদুম আচাৰ্যৰ গোহালিৰ পৰা দমৰা গৰু এটা চুৰি হৈছিল ৷ পিছদিনা গৰুটোক গৃহস্থই বহু বিচাৰ-খোচাৰ কৰি নাপাই উক্ত গৰুচোৰ সন্দৰ্ভত কবু চাপৰিৰ উপ-আৰক্ষীৰ চকীত এখন এজাহাৰ দাখিল কৰে ৷
জোনাইৰ কবু চাপৰিত গৰু চুৰি কাণ্ড - এজাহাৰ
জোনাই মহকুমাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত নদীদ্বীপ কবু চাপৰিত গৰু চুৰিৰ ঘটনা ৷ পদুম আচাৰ্যৰ নামৰ লোকজনৰ গোহালিৰ পৰা ৭ জন যুৱকে চুৰি কৰিছিল এটা দমৰা গৰু ৷ গৰু চোৰৰ সন্দৰ্ভত এক ৰাজহুৱা সভাত যুৱককেইজনে গৰুটো চুৰি কৰি কাটি খাই পেলোৱা বুলি স্বীকাৰ কৰে । ধৃত চোৰ কেইজনক ৰাইজে আৰক্ষীৰ হাতত গতাই দিয়ে ৷ তিনিজন চোৰ বৰ্তমানো পলাতক অৱস্থাত আছে ৷
বহু বিচাৰ-খোচাৰ কৰাৰ অন্তত বিশেষ সুত্ৰে ৰাইজে গৰু চোৰ দলটোৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত কবু চাপৰি ৰাইজে গৰু চোৰৰ সন্দৰ্ভত এখন ৰাজহুৱা সভাত নং ১ কবু চাপৰিৰ ৰকমান আলী (32), ৰমজান আলী (28), চামাদ আলী (18) আৰু ৰহিম আলী (21) নামৰ চাৰিজন যুৱকে গৰুটো নিশা চুৰি কৰি নদীৰ সিপাৰে নি কাটি খাই পেলোৱা বুলি স্বীকাৰ কৰে । ৰাজহুৱা সভাৰ পিছত ৰাইজে ধৃত গৰু চোৰৰ দলটোক কবু চাপৰিৰ উপ-আৰক্ষী চকীত গতাই দিয়ে ৷ পৰৱৰ্তী সময়ত ধৃত গৰুচোৰ চাৰিজনক শুকুৰবাৰে কবু চাপৰি উপ-আৰক্ষী চকীৰ আৰক্ষীয়ে জোনাই মহকুমা আৰক্ষী থানাত গতাই দিয়ে ৷
লগতে পঢ়ক :কমলপুৰত পোহৰলৈ আহিছে ক'ভিড প্ৰট'কল ভংগৰ ভয়াৱহ ছবি