ধেমাজি,18 মে': ধেমাজিত 'প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা' (PMGSY)ৰ অধীনত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ । প্ৰাককলন মতে পথ নিৰ্মাণত ব্যৱহাৰ কৰিবলগীয়া মাটি, শিল-বালিৰ তৰপ আৰু চেলফিল্ড অতি নিম্নমানদণ্ডৰ হোৱাৰ লগতে সম্পূৰ্ণ অনিয়মেৰে কাম কৰিয়ে ঠিকাদাৰে দায়িত্ব সামৰিছে বুলি অভিযোগ স্থানীয় ৰাইজৰ।
ধেমাজিত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ!! - দুৰ্নীতি
3.38 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটোৰ কামৰ দায়িত্ব লাভ কৰা মুৰাৰীলাল বাঞ্চাল নামৰ ঠিকাদাৰজনে অতি নিম্ন মানদণ্ডৰ কাম কৰা বুলি অভিযোগ স্থানীয় ৰাইজৰ
উল্লেখ্য যে,নিৰ্মীয়মান অৱস্থাতেই ঠায়ে ঠায়ে পকী অংশ এৰাই যোৱাৰ উপক্ৰম হৈছে ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ নলবাৰী-জয়ৰামপুৰ পঞ্চায়তৰ অন্তৰ্গত এন এল জি আৰ হৈ ভৌনাগুৰি নেপালীলৈ যোৱা প্ৰায় 5 কি: মি: দৈৰ্ঘৰ পথটোত। 3.38 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটোৰ কামৰ দায়িত্ব লাভ কৰা মুৰাৰীলাল বাঞ্চাল নামৰ ঠিকাদাৰজনে অতি নিম্ন মানদণ্ডৰ কাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে গুৰুত্বপূৰ্ণ পথটোৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাক লৈ ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে স্থানীয় সচেতন ৰাইজ। ধেমাজি ৰাজ্যিক পথ সংমণ্ডলৰ অধীনৰ,পেকেজ নং এ,এচ,-04-201 পথটো নিৰ্মাণৰ কামত আৰম্ভণীৰ পৰাই ঠিকাদাৰ এণ্ড কোম্পানীয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰি অচিৰেই তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডা: ৰণোজ পেগুৰ উপস্থিতিত পথটোৰ শিলান্যাসৰ শুভাৰম্ভণী কৰা হৈছিল ।