অসম

assam

By

Published : Jun 29, 2021, 9:18 PM IST

ETV Bharat / state

এটোপা বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জোনাইবাসী

জোনাইত খোৱাপানী যোগানৰ নামত অনিয়ম ৷ বগাহাতীত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Health Department) ৷

জোনাইত খোৱাপানী যোগানৰ নামত অনিয়ম
জোনাইত খোৱাপানী যোগানৰ নামত অনিয়ম

জোনাই, 29 জুন : ধেমাজি (Dhemaji) জিলাৰ জোনাইত খোৱাপানী যোগানৰ নামত বিয়াগোম অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Health Department)ৰ অধীনত মহকুমাটোৰ বিভিন্ন প্ৰান্তত ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ নামত লাখ লাখ টকাৰ লুণ্ঠন হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বছৰ বছৰ ধৰি মহকুমাটোৰ কেইবাটাও স্থানত খোৱাপানী যোগানৰ বাবে আঁচনি গ্ৰহণ কৰিছে যদিও বগাহাতীত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Health Department)৷

যি সময়ত বিশুদ্ধ খোৱা পানীৰ অভাৱত মহকুমাটোৰ বিভিন্ন প্ৰান্তত ৰাইজে হাহাকাৰ কৰিব লগা হৈছে, এনে সময়ত এই বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে ঠিকাদাৰৰ লগত মিলি অবাধে লুণ্ঠন চলাইছে ৷ বিগত কেইবাদিনৰ পৰা জোনাইৰ বিভিন্ন স্থানত পানী যোগান দিয়াৰ বাবে পাইপ বহুওৱা কাম হাতত লৈছে ৷ বিভাগটোৱে অতি নিম্ন মানৰ পাইপ ব্যৱহাৰ কৰা বুলি স্থানীয় দল-সংগঠনে অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰ উপৰিও পানী পৰিবাহী পাইপসমূহ 3 ফুট তলত বহাব লাগে, বিভাগটোৱে মাত্ৰ 1-2 ফুট খান্দি পাইপসমূহ বহুওৱা দেখা গৈছে ৷

জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগ (Public Health Department)ৰ খোৱাপানী যোগানৰ কাম পৰিদৰ্শন কৰিবলৈ মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Asom Jatiyatabadi Yuba Chatra Parishad)ৰ ধেমাজি জিলাৰ এটা প্ৰতিনিধিৰ দল উপস্থিত হয় ৷

জোনাইত খোৱাপানী যোগানৰ নামত অনিয়ম

পৰিষদ (Asom Jatiyatabadi Yuba Chatra Parishad)ৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই বিভাগটোৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ তেওঁ বিভাগীয় কৰ্তৃপক্ষক পাইপ লাইনৰ কাম নিয়ম অনুসৰি কৰাৰ আহ্বান জনাই পুনৰ মাটিৰ তলত বহুৱাৰ আহ্বান জনায় ৷ অন্যথা এই আঁচনিখন যে ধোৱা চাঙতহে পৰিণত হ’ব সেয়া নিশ্চিত বুলি দাবী কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Asom Jatiyatabadi Yuba Chatra Parishad)ৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই ৷

লগতে পঢ়ক :উন্নয়নৰ স্বাৰ্থত পাহাৰ খনন স্বাভাৱিক: পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details