অসম

assam

By

Published : Jul 26, 2019, 11:19 PM IST

ETV Bharat / state

ধেমাজিত দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি

ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ । দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । পচন্দৰ ঠিকাদাৰক কাম গতাই দি সমস্ত পূঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সংগঠনটোৰ

ধেমাজিত দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি

ধেমাজিত দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি

ধেমাজি, 26 জুলাই : ধেমাজিত কোটি টকীয়া দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ । দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক ধৰণীধৰ ডেকা আৰু কনিষ্ঠ অভিযন্তাৰ ছত্ৰ-ছায়াত ধেমাজিত নিৰ্মাণ কৰিবলৈ লোৱা প্ৰকল্পটোৰ কাম তেওঁলোৰ পচন্দৰ ঠিকাদাৰক গতাই দি সমস্ত পূঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সংগঠনটোৰ । শুক্ৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰিলে সংগঠনটোৱে । সংগঠনটোৱে আৰু অভিযোগ কৰা মতে কেইবছৰমান পূৰ্বে ধেমাজিত CMS SPECIAL PACKAGE ৰ অধীনত 5 হাজাৰ LPD DAIRY PLANT নিৰ্মাণৰ নামত 203.16 কোটি টকীয়া এটা প্ৰকল্প অনুমোদন হৈছিল । আৰু তাতেই দীৰ্ঘদিন ধৰি দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ।

ABOUT THE AUTHOR

...view details