জোনাই ২১ ডিচেম্বৰ :"চিয়াঙৰে গালং লুইতৰে খামটি আৰু টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে'', সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই লিখি উলিওৱা এই গীতটোতো শুনিলেই অৰুণাচল প্ৰদেশৰ চিয়াঙৰ পাৰৰ বাৰেৰহণীয়া সভ্যতা-সংস্কৃতিৰ উমান পোৱা যায় ৷ পাহাৰী ৰাণী হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ চিয়াং নদীৰ(Siang river in Arunachal) পাৰত অনুষ্ঠিত হৈছে চিয়াং নদী উৎসৱ ৷
সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচিঘাটৰ চিয়াং নদীৰ পাৰৰ ৰাণা ঘাটত অনুষ্ঠিত হৈছে চিয়াং নদী উৎসৱ(Siang River Festival at Pasighat) ৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চলি থকা 'আজাদি কা অমৃত' মহোৎসৱৰ(Azadi ka Amrit in Arunachal) লগত সংগতি ৰাখি নদী সমূহক পুনৰ উজ্জীৱিত কৰা, মুক্তি যুঁজাৰু সকলক সোঁৱৰণ আৰু অৰুণাচলৰ সংস্কৃতিক বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে চিয়াং নদী উৎসৱ ৷
সোমবাৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে চিয়াং নদীৰ নিৰ্মল পানীৰে হাত ধুই ডনি প’ল ধৰ্মীয় পৰম্পৰাৰে পূজা অৰ্চনা কৰি মুকলি কৰে চিয়াং নদী উৎসৱ অনুষ্ঠানৰ (Arunachal Pradesh CM inaugurates Siang river festivel) ৷ শিল্পী ডেলং পাদুনৰ গীতেৰে আৰম্ভ হোৱা চিয়াং নদী উৎসৱৰ মুকলি সভাত ইষ্ট চিয়াং জিলাৰ উপায়ুক্ত ড৹ কিন্নি সিঙে শুভাৰম্ভণী ভাষণ আগবঢ়ায় ৷
মুকলি সভাত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপৰিও উপস্থিত থাকে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাওনা মিন, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ, ইষ্ট চিয়াং ৩৮ নং বিধান সভা সমষ্টিৰ বিধায়ক কালিং ময়ঙৰ লগতে ৰাজ্যখনৰ কেইবাজনো মন্ত্ৰী- বিধায়ক ৷