জোনাই, ২৮ এপ্ৰিল :ব'হাগ মানেই যেন আনন্দৰ মাহ । ৰঙালীৰ ৰঙেৰে ৰঙীয়াল হোৱাৰ সময় । ইতিমধ্যে ৰঙালীৰ সাত বিহুৰ সমাপ্তি ঘটিছে (Bohag Bihu celebrated in Assam) । কিন্তু অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক লৈ এতিয়াও ৰাজ্যৰ চৌদিশে ৰজনজনাই আছে । এই ব'হাগ মাহতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা অনুসৰি ব'হাগ বিহু তথা ৰঙালী বিহু পালন কৰে (Rangali Bihu celebrated in Assam) । ৰাভা, মিচিং, বড়ো আদি বিভিন্ন জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে উলহ-মালহেৰে পালন কৰে বিহু ।
অসমৰ আন এক উল্লেখ্যযোগ্য জনগোষ্ঠী হৈছে হাজং । এই হাজং জনগোষ্ঠীৰে পৰম্পৰাগত উৎসৱ হৈছে হঙৰাণী উৎসৱ (Hungrani festival of Hajong tribe) । ব'হাগ বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে হাজং জনগোষ্ঠীৰ হঙৰাণী উৎসৱ অতি উলহ-মালহেৰে উদযাপন কৰা হয় ৷ এই উপলক্ষে ধেমাজি জিলাৰ বানেগৰকা চিমেনমুখ অঞ্চলৰ নলবাৰী হাজং গাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱ (Central Hungrani Festival at Silapathar) ।
চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱৰ সামৰণিৰ দিনা অনুষ্ঠিত হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ উল্লেখযোগ্য যে হঙৰাণী উৎসৱ অনুষ্ঠানত হাজং জনগোষ্ঠীৰ লেৱাটানা, জাখামাৰা, গোপনী গাহেন নৃত্য, একক নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷