অসম

assam

ETV Bharat / state

জোনাইত ভগ্নপ্ৰায় মথাউৰি : আতংকত দিন কটাইছে গাঁওবাসীয়ে

জোনাইত ভগ্নপ্ৰায় মথাউৰিক লৈ আতংকত দিন কটাইছে লোকসকলে ৷ জল দেৱতাক শান্ত কৰিবলৈ ধূপ - ধূনা দি পূজা অৰ্চনা কৰি গাঁওবাসীয়ে ৷

আতংকত দিন কটাইছে জোনাইৰ লোকে

By

Published : Jul 21, 2019, 8:32 PM IST

জোনাই, 21 জুলাই : ৰাজ্যৰ বান বিভীষিকাৰ মাজতে জোনাইতো ভয়ংকৰ খহনীয়াৰ আতংকত দিন কটাইছে ওচৰ - পাজৰৰ লোকসকলে ৷ ধাৰাষাৰ বৰষুণৰ ফলত চিয়াং নদীত ইতিমধ্যেই জাহ গৈছে দহৰোধিক পৰিয়ালৰ ঘৰ - বাৰী আৰু দোকান - পোহাৰ ৷ যিকোনো মুহূৰ্ততে মথাউৰি ছিঙি ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱানা দেখা দিয়াত দিশহাৰা হৈ পৰিছে কুৰিৰো অধিক গাঁৱৰ শ শ পৰিয়াল ৷

আতংকত দিন কটাইছে জোনাইৰ লোকে

এই ভয়ংকৰ খহনীয়াৰ ফলত একাংশ লোকে মথাউৰিত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উপায়হীন তথা আতংকিত একাংশ মহিলাই জল দেৱতাক শান্ত হ'বলৈ ধূপ - ধূনা জ্বলাই পূজা অৰ্চনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছে ৷

ABOUT THE AUTHOR

...view details