অসম

assam

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 7:43 AM IST

ETV Bharat / state

সাহিত্য অকাডেমী বঁটা বিজয়ী ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী পালন

চিমেন চাপৰিত বড়ো জাতীয় সংগঠন আৰু বিকেডব্লিউএচিৰ উদ্যোগত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমী বঁটা প্ৰাপক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন কৰা হয় ৷ চিমেন চাপৰিৰ সতীশ বসুমতাৰী বড়ো হাইস্কুল খেলপথাৰত সন্ধিয়া 5 বজাত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷

BRAJEN KUMAR BRAHMA 4 th death anniversary
চিমেন চাপৰিৰ সতীশ বসুমতাৰী

জোনাই, 6 ডিচেম্বৰ: বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমী বঁটাপ্ৰাপক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে মংগলবাৰে চিমেন চাপৰিত গাম্ভীৰ্যপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰা হয় । বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতি, ইউবিপিঅ’, এবছু, আবৌফৰ ধেমাজি জিলা সমিতি, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ, বিটিচিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ সমিতি, অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভা,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ উদ্যোগত আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত চিমেন চাপৰিৰ সতীশ বসুমতাৰী বড়ো হাইস্কুল খেলপথাৰত সন্ধিয়া 5 বজাত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷

ইউবিপিঅ’ৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰীয়ে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি এছ বি বড়ো এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাজেন্দ্ৰ কুমাৰ ব্ৰহ্মই প্ৰয়াত ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম বহুমুখী সত্বা আছিল বুলি উল্লেখ কৰে ৷ লগতে প্ৰয়াত ব্ৰহ্মই বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমী বঁটা, টেগৰ সাহিত্য বঁটা, বিটিচি প্ৰশাসনে আগবঢ়োৱা প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম বঁটা, উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা আদিৰে তথা বহু উৎকৃষ্ট সাহিত্য সৃষ্টিৰে বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে বুলি বক্তব্য আগবঢ়ায় ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়, "সাহিত্যিক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ ৰচিত "বাইদি গাব, বাইদি দেংখৌ" কাব্যপুথিখনৰ বাবে 2015 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰা বিশিষ্ট কবি, সাহিত্যিকগৰাকীয়ে সাহিত্য চৰ্চাৰ মাজেদি বহুকেইখন মূল্যৱান কাব্যপুথিৰ উপৰি গদ্যপুথি থুনলাই আৰৌ চানশ্ৰী, ৰাইথাইহালা, থুনলাই বাইদি বাইদি, থুনলাই আৰু থুনলাই, নৌজৌৰ আৰৌ চানশ্ৰী আদি ৰচনা কৰি বড়ো সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে ।" বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলীপ বসুমতাৰী, এছবি বড়ো হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সদস্য ললিত চন্দ্ৰ বড়োয়ে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদগৰাকীৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজিৰ ওপৰত বহুমূলীয়া ভাষণ আগবঢ়ায় ।

অনুষ্ঠানটোত উদ্যোক্তাসকলৰ লগতে বহু বড়ো জাতীয় সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:মোবাইলত অচিনাকী ব্যক্তিৰে সম্পৰ্ক গঢ়ি দুমাহে নিৰুদ্দেশ হৈ আছে গোগামুখৰ কিশোৰী

ABOUT THE AUTHOR

...view details