অসম

assam

By

Published : Jun 5, 2021, 2:23 PM IST

ETV Bharat / state

আজিৰে পৰা আৰম্ভ বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ কাম-কাজ

বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে শুকুৰবাৰে চিমেন চাপৰিত এখন সংবাদ মেল অনুষ্ঠিত কৰি পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ মাজত দপ্তৰসমূহ বিতৰণ কৰে ।

bodo kachari autonomous council
আজিৰে পৰা আৰম্ভ বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ কাম কাজ

জোনাই, 5 জুন : বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ চৰকাৰী কামকাজ শনিবাৰৰ পৰা আৰম্ভ হয় । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে শুকুৰবাৰে চিমেন চাপৰিত এখন সংবাদ মেল অনুষ্ঠিত কৰি পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ মাজত দপ্তৰসমূহ বিতৰণ কৰে ।

মিহিনিশ্বৰ বসুমতাৰীয়ে লোকনিৰ্মাণ আৰু বিতৰণ নকৰা অন্যান্য বিভাগসমূহ নিজৰ হাতত ৰাখি বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ অধ্যক্ষ গাম্বাৰু মুছাহাৰীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বন বিভাগ, উপাধ্যক্ষ সৃজন বসুমতাৰীক মীন, নগৰ উন্নয়ন আৰু নগৰ পৰিকল্পনা, উপ মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিঅ' নাৰ্জাৰীক সমাজ কল্যাণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, মিউজিয়াম আৰু পুৰাতত্ব বিভাগ, কাৰ্যবাহী সদস্য অনিল বসুমতাৰীক শিক্ষা আৰু পুথিভঁৰাল, অমিঅ’ কুমাৰ বসুমতাৰীক ক্ষুদ্ৰ জলসিঞ্চন, ভূমি আৰু ৰাজহ, বিনোদ বসুমতাৰীক ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু জনজাতি গৱেষণা বিভাগৰ দায়িত্ব অৰ্পণ কৰে ৷

আনহাতে, প্ৰদীপ স্বৰ্গীয়াৰীক কৃষি, বজাৰ আৰু মেলা, প্ৰণৱ বড়োক সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন, মথুৰা বসুমতাৰীক পশুপালন আৰু পশু চিকিৎসা আৰু সমবায়, মুহিপাল বড়োক জলসম্পদ আৰু ভূমি সংৰক্ষণ, জয়কান্ত বড়োক ক্ৰীড়া আৰু যুৱ কল্যাণ, জোখ মাপ, দশৰথ বড়োক জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগ, ৰাজেশ চৌৰ্কীক কুটিৰ শিল্প আৰু পৰিবহন বিভাগৰ দায়িত্ব অৰ্পণ কৰে ।

দপ্তৰ বিতৰণৰ পাছত বি কে ডব্লিউ এ চিৰ প্ৰধানগৰাকীয়ে প্ৰট'কল থকা স্বত্বেও ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে কাম কৰিবলৈ সুবিধা হোৱাৰ লক্ষ্যৰে বি কে ডব্লিউ এ চিৰ অধ্যক্ষ আৰু উপাধ্যক্ষক পৰিষদৰ দপ্তৰ সমূহ বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে অসমৰ 22 খনকৈ জিলাত বসবাস কৰা দহ লক্ষাধিক বড়ো জনগণৰ উন্নয়নৰ বাবে প্ৰতিগৰাকী কাৰ্যবাহী সদস্যক বিতৰণ কৰা নিজৰ নিজৰ দপ্তৰসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, ২০২০ চনৰ ২৭ জানুৱাৰীত দিল্লীত সম্পন্ন হোৱা বিটিআৰ চুক্তিৰ ৫.১ দফা অনুসৰি অসমৰ বিটিআৰৰ বাহিৰৰ বড়ো সকলৰ বাবে বি কে ডব্লিউ এ চিখন অসম চৰকাৰে গঠন কৰিছে । ২৪ ফেব্ৰুৱাৰীত শপত গ্ৰহণ কৰা বি কে ডব্লিউ এ চিৰ মুখ্য কাৰ্যালয় ২ মাৰ্চত চিমেন চাপৰিত উদ্বোধন কৰা হয়‌ । ইয়াৰ পাছত আজিৰে পৰা পৰিষদৰ চৰকাৰী কামকাজ আৰম্ভ হয় ৷ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু, বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ।

লগতে পঢ়ক :কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

ABOUT THE AUTHOR

...view details