জোনাই, 24 ছেপ্টেম্বৰ :বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ সমান্তৰালকৈ ধেমাজিৰ জোনাইতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বৰ্তমানৰ জোনাই সমষ্টিৰ গনশক্তি দলৰ বিধায়ক ভুৱন পেগু বৰ্তমান চৰকাৰৰ মিত্ৰ দলৰ লগত চামিল হৈ আছে যদিও আগন্তুক সময়ত সেই মিত্ৰতা ভংগ হোৱাৰ ইংগিত দিছে গনশক্তি দলে ৷ উল্লেখ্য যে, জোনাই সমষ্টিত গনশক্তি দলৰ স্থিতি সৱল হোৱাৰ বাবে মিত্ৰতা ভংগ হলে আগন্তুক নিৰ্বাচনত বিজেপি দলটো নিশ্চতভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব ।
জোনাইত আগন্তুক নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে - BJP will break allience with Gana sakti at Jonai in 2021 election
বৰ্তমানৰ জোনাই সমষ্টিৰ গনশক্তি দলৰ বিধায়ক ভুৱন পেগু বৰ্তমান চৰকাৰৰ মিত্ৰ দলৰ লগত চামিল হৈ আছে যদিও আগন্তুক সময়ত সেই মিত্ৰতা ভংগ হোৱাৰ ইংগিত দিছে গনশক্তি দলে ৷
জোনাইত আগন্তুক নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে
ইফালে এই আশংকা পোহৰলৈ অহাত নিজৰ দলীয় স্থিতি সৱল কৰাত নামি পৰিছে শাসকীয় বিজেপি দল ৷ বৃহস্পতিবাৰে চিলাপথাৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা এখন দলীয় কাৰ্যনিৰ্বাহক সভাত বিজেপি দলেও গনশক্তি দলৰ লগত মিত্ৰতা নকৰি অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷
লগতে পঢ়কঃইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱঃনিৰ্মাণ প্ৰতিষ্ঠানে আৰম্ভ কৰিলে পথ মেৰামতিৰ কাম
TAGGED:
চিলাপথাৰ শংকৰদেৱ শিশু নিকেতন