জোনাই, ২১ নৱেম্বৰ: আগন্তুক 2021ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ আন আন দলৰ লগতে শাসনাধিষ্ঠ বিজেপি দলেও আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ ৷ ইয়াৰ মাজতে শুকুৰবাৰে জোনাইস্থিত টাউন ক্লাৱত ভাৰতীয় জনতা পাৰ্টিয়ে অনুষ্ঠিত কৰে এখন বিশাল সাংগঠনিক সভা ৷ সভাত আগন্তুক 2021 ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে 114 নং বিধান সভা সমষ্টিত কি ধৰণে সাংগঠনিক ভেটি শক্তিশালী কৰিব পাৰিব সেই সন্দৰ্ভত আলোচনা কৰা হয় ৷ আলোচনাত অংশগ্ৰহণ কৰে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ জোনাই মণ্ডল, পশ্চিম জোনাই মণ্ডল, চিচি টঙানী মণ্ডল চিলাপথাৰ টাউন মণ্ডল আৰু চিচিবৰগাঁও মণ্ডল এই পাঁচটা মণ্ডল সমতিয়ে ৷ সভাৰ মাজতে ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই সাংবাদিকৰ প্ৰশ্ন উত্তৰত কয় যে, "ৰাজ্যিক বিজেপিৰ সভাপতিৰ নিৰ্দেশ মৰ্মে আমি দলৰ সাংগঠনিক কাম-কাজ কৰি গৈছোঁ ৷ পূৰ্বতেও গণশক্তিৰ লগত মিত্ৰতা নাছিল আৰু ভৱিষ্যৎতেও নাথাকিব ৷" যোৱাবাৰো জোনাই বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিয়া হৈছিল আৰু 2021 টো বিজেপিৰ নিজা প্ৰাৰ্থী দিয়া হ'ব বুলি মন্তব্য কৰি, সমষ্টিটোত বৰ্তমানলৈকে সাত গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে বুলি উল্লেখ কৰে নেতা গৰাকীয়ে ৷ ইয়াৰ ভিতৰত সবল টিকট দাবীদাৰ প্ৰাৰ্থী আছে বুলি উল্লেখ কৰি ৰাজ্যিক কমিটিয়ে বিবেচনা কৰি উপযুক্ত প্ৰাৰ্থী দিয়াৰ ব্যৱস্থা কৰিব গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰেম দত্তই ৷
ইফালে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ, লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰভাৰী তথা ডিগবৈ নুমলীগড় গেছ পাইপ লাইন লিমিটেডৰ উপাধ্যক্ষ, অশ্বিনী পাইটে মন্তব্য কৰে যে, 2021 ৰ নিৰ্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত ৷ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ অসম চৰকাৰে বিভিন্ন জনকল্যাণকামী আঁচনিৰে ৰাইজৰ মাজত বিশ্বাস আৰু আস্থা বৃদ্ধি কৰিছে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ ইফালে সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা জোনাই সমষ্টিৰ টিকট দাবীদাৰ অশ্বিনী পাইটে কয় যে, 2021 ৰ নিৰ্বাচনত, জোনাই বিধানসভা সমষ্টিত বিজেপি দলে নিজাববীয়া প্ৰাৰ্থীত্বৰে প্ৰতিদন্দ্বিতা আগবঢ়াবলৈ ইতিমধ্যে জিলা আৰু মণ্ডল বিজেপিয়ে সিদ্ধান্ত লৈছে ৷ ইতিমধ্যে ইয়াৰ প্ৰস্তুতিও চলোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে নেতা গৰাকীয়ে ৷ ইয়াৰ ওপৰিও সকলো আঁচনি বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যদিও জোনাইত বিজেপিৰ বিধায়ক নথকা বাবে জোনাইৰ বহু অঞ্চল বানপানীয়ে বিধ্বস্ত কৰি পেলোৱাৰ পিছতো গণশক্তিৰ বিধায়ক গৰাকীয়ে কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে তেওঁ গণশক্তি দলৰ নিজ স্বাৰ্থ পূৰণতহে জড়িত থকা বুলি বিস্ফোৰক মন্তব্য কৰে নেতা গৰাকীয়ে ৷ আনহাতে পূৰ্বেও গণশক্তিৰ বিজেপিৰ মিত্ৰতা লগত নাছিল আৰু ভৱিষ্যৎতেও গণশক্তিৰ লগত মিত্ৰতা নাই বুলি স্পষ্ট মন্তব্য কৰে অশ্বিনী পাইতে ৷