ধেমাজি, ৯ছেপ্টেম্বৰ: ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ৯৪সংখ্যক ওপজা দিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো সুধাকণ্ঠগৰাকীক শ্ৰদ্ধা নিবেদন কৰে গুণমুগ্ধই । মঙলবাৰে সন্ধিয়া ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সংগঠনটোৰ কাৰ্যালয় তথা শ্বহীদ উদ্যানৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।
ধেমাজিৰ শ্বহীদ উদ্যানৰ বাকৰিত সুধাকণ্ঠক স্মৰণ আছুৰ
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো ওপজা দিনটোত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে গুণমুগ্ধই। মঙলবাৰে সন্ধিয়া ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱা হয় গণ শিল্পীগৰাকীক।
ধেমাজিৰ শ্বহীদ উদ্যানৰ বাকৰিত সুধাকণ্ঠক স্মৰণ আছুৰ
সংগঠনটোৰ সভাপতি দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা বনজিৎ ভট্টসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । লগতে আছুৰ নেতৃবৰ্গ আৰু জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈও উপস্থিত থাকে ৷ সুধাকণ্ঠৰ কালজয়ী গীতৰে মুখৰিত হৈ পৰে শ্বহীদ উদ্যানৰ বাকৰি ।