জোনাই, 16 মাৰ্চ:ৰাজ্যত ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ আৰু দহটা দিনৰ পিছতেই অনুষ্ঠিত হ’ব বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰতিটো সমষ্টিতে বিভিন্ন দলসমূহৰ প্ৰাৰ্থী সকলৰ বাবে তীব্ৰতৰ কৰা হৈছে প্ৰচাৰ অভিযান ৷ জোনাইতো ১১৪ নং জোনাই বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন পেগুৱে প্ৰথমটো নিৰ্বাচনী প্ৰচাৰ চলায় ৷
সোমবাৰে জোনাই সমষ্টিত প্ৰথম নিৰ্বাচনী প্ৰচাৰ আভিযানত ভূৱন পেগুৱে মিত্ৰজোঁটৰ দলসমূহৰ কৰ্মীক লৈ প্ৰচাৰ চলায় ৷ এই প্ৰচাৰ সভাত পেগুৱে সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হেমা হৰি প্ৰসন্ন পেগুক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে, পৰাজয় নিশ্চিত হোৱা বাবেই কংগ্ৰেছৰ কোনো এগৰাকী নেতাই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগনবঢ়ালে ৷ যাৰ বাবে কংগ্ৰেছে সমষ্টিটোৰ বাহিৰৰ এজন লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷