অসম

assam

Bengali Language Controversy: লাচিত সেনাক নিষিদ্ধ কৰাৰ দাবী বাঙালী সংগঠনৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 6:01 PM IST

বীৰ লাচিত সেনাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে বাঙালী সংগঠন ৷ দুৰ্গা পূজাৰ মণ্ডপৰ পৰা বাংলা ভাষাৰ বেনাৰ, ছাইনবোৰ্ড আতঁৰোৱা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠি একেমুখে তীব্ৰ গৰিহণাৰ লগতে ধিক্কাৰ জনায় লাচিত সেনাক ৷

Bengali organizations Criticizes Lachit Sena
লাচিত সেনাক ধিক্কাৰ

লাচিত সেনাৰ বিৰুদ্ধে সোচ্চাৰ বাঙালী সংগঠন

জোনাই, 29 অক্টোবৰ : দুৰ্গা পূজাত বাংলা ভাষাৰ বেনাৰ-ছাইনবোৰ্ড লাচিত সেনাই আতঁৰোৱাৰ পাছতেই অসমজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে বৰাক উপত্যকাৰ পাছত উত্তৰ অসমতো বীৰ লাচিত সেনাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে বাঙালী সংগঠন ৷ কেবাটাও বাঙালী সংগঠন একত্ৰিত হৈ তীব্ৰ সমালোচনা কৰে বীৰ লাচিত সেনাৰ কৰ্মীক ৷

চিলাপথাৰৰ মাজৰবাৰীত দেওবাৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, বাঙালী জাতীয় পৰিষদকে ধৰি কেবাটাও বাঙালী সংগঠনে দুৰ্গা পূজাৰ মণ্ডপৰ পৰা বাংলা ভাষাৰ বেনাৰ, ছাইনবোৰ্ড আতঁৰোৱা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠি একেমুখে তীব্ৰ গৰিহণাৰ লগতে ধিক্কাৰ জনায় লাচিত সেনাক ৷ বাংলা ভাষাৰ ওপৰত কৰা অপমান কোনো পধ্যেই সহ্য কৰা নহ'ব বুলি কয় তেওঁ ৷

তেওঁলোকে কয় যে, অসমতে তেওঁলোকৰ জন্ম হৈছে আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছে ৷ তেওঁলোকে অসমৰ 'খিলঞ্জীয়া অসমীয়া বাঙালী' বুলি দাবী কৰে ৷ বৰাকত অসমীয়া ভাষাৰ বেনাৰত ক’লা চিয়াহী লগোৱাত বিডিএফ নেতা প্ৰদীপ দত্ত ৰয়ক জেললৈ প্ৰেৰণ কৰিছিল বিজেপি চৰকাৰে ৷ কিন্তু হিন্দুত্বৰ শ্লোগান দিয়া চৰকাৰখনে হিন্দু সনাতন ধৰ্মৰ দুৰ্গা পূজাৰ মণ্ডপত লগোৱা বাংলা ভাষাৰ বেনাৰ, ছাইনবোৰ্ড আতঁৰোৱা সাম্প্ৰদায়িক বিভাজনমুখী লাচিত সেনাৰ বিৰুদ্ধে কিয় এতিয়াও ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীক ৷

বীৰ-বীৰাংগনাৰ নামত সংগঠন খুলি অসমত বাৰে বাৰে অসমীয়া-বাঙালীৰ মাজত থকা সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধ বিনষ্টৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই থকা এই উগ্ৰ লাচিত সেনাক শীঘ্ৰেই অসমত নিষিদ্ধ কৰিবলৈও বাঙালী সংগঠনে দাবী তোলে ৷ তেওঁলোকে দাবী কৰে যে লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছিল ৷ গতিকে মহাভাৰততো মামাৰ চৰিত্ৰ ভাল নাছিল ৷ কেইদিনমানৰ পাছতে ৰাস মহোৎসৱত শ্ৰীকৃষ্ণই কংস মামাক হত্যা কৰিব ৷ তেনেকৈ অসমৰ ৰাজনৈতিক চৰিত্ৰতো মামা চৰিত্ৰ ভাল দেখা নাই ৰাইজে ৷ গতিকে এই ৰাস মহোৎসৱতে অসমৰ মামাকো বিদায় দিয়াৰ বাবে জনসাধাৰণক তেওঁলোকে আহ্বান জনায় ৷

লগতে পঢ়ক :Adil Hussain in Goalpara : গছ কাটি উন্নয়ন সাধনৰ নীতিক তিৰস্কাৰ অভিনেতা আদিল হুছেইনৰ

ABOUT THE AUTHOR

...view details