অসম

assam

ছাত্ৰ সংগঠনৰ সহযোগত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

By

Published : Jul 21, 2020, 5:25 AM IST

বছৰ বছৰ ধৰি একোডাল বাঁহৰ সাঁকোৰ ওপৰে যাতায়ত কৰি আহিছে মৰিধলৰ ৰাইজে ৷ জনপ্ৰতিনিধিসকলে দিয়া প্ৰতিশ্ৰুতিলৈ অপেক্ষা নকৰি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যাগত স্থানীয় ৰাইজৰ সহায়ত নিৰ্মাণ কৰা হৈছে বাঁহৰ দলং ।

bamboo-bridge
bamboo-bridge

ধেমাজি , 20 জুলাই : ধেমাজি সদৰৰ পৰা প্ৰায় 7 কি:মি: নিলগৰ মৰিধল ২নং জামুগুৰিত দলঙৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ৷ মৰিধলৰ ওপৰত আজিকোপতি নিৰ্মাণ নহ'ল এখন স্থায়ী দলং । যাৰ ফলত বছৰ বছৰ ধৰি স্থানীয় তথা কেইবাখন গাঁৱৰ ৰাইজে একোডাল বাঁহৰ সাঁকোৰ ওপৰে যাতায়ত কৰি আহিছে । সেয়ে এইবছৰো চৰকাৰ তথা জনপ্ৰতিনিধিসকলে দিয়া প্ৰতিশ্ৰুতিলৈ অপেক্ষা নকৰি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যাগত স্থানীয় ৰাইজৰ সহায়ত নিৰ্মাণ কৰা হৈছে বাঁহৰ দলং ।

ছাত্ৰ সংগঠনৰ সহযোগত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

স্থানীয় ৰাইজে অভিযোগ কৰা মতে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত জনপ্ৰতিনিধিসকলে দিয়া প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনতহে পৰিণত হয় । উল্লেখ্য যে, জামুগুৰিৰ লগতে বৰাচিৰা , কল্পনাপুৰ চেনীমাই চুক আদি কেইবাটাও অঞ্চলৰ ৰাইজে একমাত্র যাতায়তৰ দুৰৱস্থাৰ বাবে ত্ৰাহি মধুসূদন সুঁৱৰিব লগীয়া হৈছে ।

ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

ইপিনে ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শৰ্মাই জনপ্ৰতিনিধিসকলৰ এনে অমনোযোগী কাৰ্যক তীব্ৰ সমালোচনা কৰাৰ লগতে জামুগুৰিৰ উক্ত স্থানত অচিৰেই সংশ্লিষ্ট বিভাগে এখন স্থায়ী দলং নিৰ্মাণ নকৰিলে ৰাইজৰ সহযোগত আন্দোলন গঢ়ি তুলিব বুলিও সকিয়াই দিয়ে ।

লগতে পঢ়ক :জালুকবাৰী আৰক্ষীৰ জালত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details