ঢকুৱাখনাত পানীত ডুবিছে দলংঃ গঞাৰ বিপদসংকুল যাত্ৰা - pwd
চৈগুৰি - গোৱালগাঁও সংযোগী গড়কাপ্তানি মূল পথটোৰ ওপৰত থকা বাঁহৰ দলংখনো এতিয়া পানীৰ তলত ৷ যাৰ বাবে সম্পূৰ্ণ পানীত ডুব যোৱা দলঙৰ ওপৰেদি প্ৰাণ হাতত লৈ বিপদসংকুল যাত্ৰা কৰিছে তিনি-চাৰিখন গাঁৱৰ ৰাইজে ৷
ঢকুৱাখনা, 17 জুলাইঃ বানে ধুই নিয়া ঢকুৱাখনাৰ ৰাইজৰ বিলাই-বিপত্তি ৷ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত চৈগুৰি - গোৱালগাঁও সংযোগী গড়কাপ্তানি মূল পথটোৰ ওপৰত থকা বাঁহৰ দলংখনো এতিয়া পানীৰ তলত ৷ যাৰ বাবে সম্পূৰ্ণ পানীত ডুব যোৱা দলঙৰ ওপৰেদি প্ৰাণ হাতত লৈ বিপদসংকুল যাত্ৰা কৰিছে তিনি-চাৰিখন গাঁৱৰ ৰাইজে ৷ সাপতীয়া নৈৰ ওপৰত পথ নিৰ্মাণকাৰী সংস্থাই এখন পকী দলং নিৰ্মাণৰ কাম চলাই আছে যদিও শামুকীয়া গতিৰে কাম আগবাঢ়িছে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ পথ নিৰ্মাণকাৰী সংস্থা, প্ৰশাসন তথা চৰকাৰে কিদৰে ৰাইজৰ দাবী তথা ক্ষোভৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষণীয় হ'ব ৷