ধেমাজি , ১০ ফেব্ৰুৱাৰী : সমাজত কৰ্মনিষ্টাৰ নিদৰ্শন গঢ়ি তোলা ধেমাজিৰ একাংশ অটোচালক । গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে গড়কাপ্তানী বিভাগৰ পথ । অটো চলায়ে জীৱন নিৰ্বাহ কৰা অটোচালকসকল বাধ্য হ'ল অটোচালনাৰ সলনি হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগৰ পথৰ মেৰামতি কৰিবলৈ ।
অটো এৰি পথ মেৰামতিত ব্যস্ত অটোচালক - ধেমাজি
সলনি হয় চৰকাৰ , কিন্তু সলনি নহয় অসমৰ গ্ৰামাঞ্চলৰ ছবি
বিয়াগোম গড়কাপ্তানী বিভাগৰ উন্নয়ন এতিয়া পৰিণত হৈছে ভালুকৰ সাঙীত । বিভাগটো নিকা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা মন্ত্ৰীগৰাকীৰ দৃষ্টিত নপৰে ৰাজ্যৰ বিধস্ত বাট-পথ । বিধস্ত বাট পথ, বানপানী গৰাখনহনীয়া হেজাৰটা সমস্যাৰে ভাৰাক্ৰান্ত ধেমাজি জিলা । পৰিৱৰ্তন আৰু উন্নয়নে যেন বিপৰীত মেৰুতহে অৱস্থান কৰিছে জিলাখনত । নিৰ্বাচৰ পূৰ্বে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতিৰ বানেৰে ভৰাই তোলে আকাশ বতাহ । কিন্তু শাসনলৈ অহাৰ পাচত পাহৰি পেলায় ভোটদাতাসকলক । সেয়েহে চৰকাৰ তথা বিয়াগোম বিভাগলৈ অপেক্ষা নকৰি ধেমাজি জিলাৰ একাংশ অটোচালক ব্যস্ত হৈ পৰিল পথ মেৰামতিত ।
বখলা বখলে এৰাই বৃহৎ গাঁতেৰে ভৰি পৰিছে ধেমাজি সদৰৰ পৰা মাছখোৱা-ঢকুৱাখানা হৈ মাজুলীলৈ যোৱা প্ৰায় দহ কিল'মিটাৰ পথ । পথৰ দুৰাৱস্থাত যমৰ যাতনা ভূগিছে বিভিন্ন পথচাৰীয়ে । বিয়াগোম গড়কাপ্তানী বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰিও সুফল নাপাই অৱশেষত পথ মেৰামতিত ব্ৰতী হ'ল ধেমাজিৰ একাংশ অটোচালক । বাটঘৰীয়া অঞ্চলটোৰ অটোচালকসকলে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি আৰম্ভ কৰিলে দিনে প্ৰায় হাজাৰৰো অধিক যান-বাহন চলাচল কৰা পথচোৱাৰ ।