অসম

assam

ETV Bharat / state

মাঘ বিহুৰ প্ৰাকক্ষণত ধেমাজিত আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক অনুষ্ঠান - MLA Bhubon Pegu

Atmanirbhar Dhemaji: কৃষক তথা যুৱপ্ৰজন্মক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে ধেমাজি জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । ১১ জানুৱাৰীৰ পৰা কাছাৰী ময়দানত আয়োজন কৰা হৈছে আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক কাৰ্যসূচীৰ । কৃষকসকলৰ বাবে প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হ'ব ।

Atmanirbhar Dhemaji
মাঘ বিহুৰ প্ৰাকক্ষণত ধেমাজিত আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 5:14 PM IST

মাঘ বিহুৰ প্ৰাকক্ষণত ধেমাজিত আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক অনুষ্ঠান

জোনাই, ৮ জানুৱাৰী :অহা ১১ জানুৱাৰীৰ পৰা ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হ'ব 'আত্মনিৰ্ভৰ ধেমাজি' শীৰ্ষক কাৰ্যসূচী । স্বাৱলম্বী ধেমাজি গঢ়াৰ সংকল্পৰে ৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ । চিলাপথাৰত সংবাদমেল সম্বোধন কৰি এই কথা জনালে জোনাইৰ বিধায়ক ভুবন পেগুৱে ।

বিধায়কগৰাকীয়ে জনোৱা মতে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হ'ব এই 'আত্মনিৰ্ভৰ ধেমাজি ২০২৪' জীৱিকা মেলাৰ ৷ বিধায়কগৰাকীৰ মতে এই মেলাৰ জৰিয়তে এখন স্বাৱলম্বী ধেমাজি গঢ়াৰ সংকল্পৰে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানত নৱপ্ৰজন্মৰ জীৱিকাৰ বাবে ন ন পথৰ সন্ধান উদ্দেশ্যি প্ৰগতিশীল কৃষকৰ সৈতে আলোচনা চক্ৰ আয়োজন কৰা হ'ব ৷

অনুষ্ঠানত ধেমাজি জিলাৰ কৃষক আৰু আত্মসহায়ক গোটৰ মহিলাসকলে উৎপাদন কৰা শাক-পাচলি, ফল-মূল, পিঠা, জলপান,খাদ্য সামগ্ৰীৰ লগতে হস্ততাঁত বস্ত্ৰশিল্প, হাঁহ-কুকুৰা, জনগোষ্ঠীৰ বস্ত্ৰ,পৰম্পৰাগত খাদ্য সম্ভাৰ দেখা যাব । প্ৰদৰ্শনৰ লগতে এই সামগ্ৰীৰ বিক্ৰীৰো ব্যৱস্থা কৰা হ'ব । কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ প্ৰযুক্তি প্ৰদৰ্শন প্ৰতিযোগিতাত জোনাই সমষ্টিৰ আৰু ধেমাজিৰ প্ৰগতিশীল কৃষকসকলক অংশগ্ৰহণ কৰিবলৈও সংবাদমেলৰ জৰিয়তে বিধায়কগৰাকীয়ে আহ্বান জনাইছে ।

জানিব পৰা মতে মাঘ বিহু উপলক্ষে অনুষ্ঠিত হ'বলগা আত্মনিৰ্ভৰ ধেমাজিৰ মেলাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব । ইফালে পশু চিকিৎসা বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, গ্ৰামসেৱক বিভাগৰ বিষয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । ইফালে এই মেলাত কেইবাখনো আলোচনা চক্ৰও আয়োজন কৰা হ'ব । কৃষকসকলৰ উন্নয়নৰ বাবে প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হ'ব । সমান্তৰালকৈ প্ৰতিদিনে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত কেইবাগৰাকী বিশিষ্ট কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব ।

লগতে পঢ়ক :গণৰাজ্য দিৱসৰ পেৰেডত অসমে স্থান নোপোৱা বিষয়টো বৰ বেছি চিন্তনীয় নহয় : বিমল বড়া

ABOUT THE AUTHOR

...view details