অসম

assam

ETV Bharat / state

ৰাজাখানা গাঁও পঞ্চায়তত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন - Assam Govt Sanskritik Mahasangram

ধেমাজি জিলাৰ ৰাজাখানা গাঁও পঞ্চায়তত ১৯ আৰু ২০ নৱেম্বৰত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰা হয় । পঞ্চায়তৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । চৰকাৰৰ পদক্ষেপৰ প্ৰশংসা ৰাইজৰ ।

Assam Sanskritik Mahasangram
ৰাজাখানা গাঁও পঞ্চায়তত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 6:20 PM IST

ৰাজাখানা গাঁও পঞ্চায়তত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন

জোনাই, ২০ নৱেম্বৰ :ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ প্ৰতিভাসমূহৰ বিকাশৰ এক মঞ্চ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

গ্ৰাম্য সাংস্কৃতিক প্ৰতিভাক চিনাক্ত আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে ৬ টা শাখাত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছে । জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, লোকনৃত্য আৰু বিহু । একক আৰু দলীয়ভাৱেও প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । তাৰ অংশস্বৰূপে ধেমাজি জিলাৰ নেঙান প্ৰেক্ষাগৃহত ৰাজাখানা গাঁও পঞ্চায়তে ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিছে । কাৰ্যসূচী অনুসৰি পুৱা অতিথি আৰু বিচাৰকসকলক সম্বৰ্দ্ধনা জনোৱাৰ পাছতে সাংস্কৃতিক মহাসংগ্ৰামৰ সভাপতি সৰ্বেশ্বৰ কাদঙে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ শুভ উদ্বোধন কৰে ।

ইফালে ৰাজাখানা গাঁও পঞ্চায়তৰ সভাপতি বীৰেণ পেগুৱে বন্তি প্ৰজ্বলন কৰে ৷ এই প্ৰতিযোগিতা বয়স অনুসৰি ৩ টা শাখাত অনুষ্ঠিত হয় । গাঁও পঞ্চায়তৰ বহু প্ৰতিযোগীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । গ্ৰামাঞ্চলৰ প্ৰতিভাক উৎসাহিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ উচ্চ প্ৰশংসা কৰিছে অঞ্চলটোৰ লোকসকলে ।

উল্লেখ্য যে বিশেষকৈ গ্ৰামাঞ্চলৰ প্ৰতিভাক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰাম ৰাজ্যজুৰি ২৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে । ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীলৈ এই সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত হ'ব । এই প্ৰতিযোগিতাসমূহ তৃণমূল পৰ্যায়ৰ পৰা বিধানসভা সমষ্টি, জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :আমি আমাৰ যুৱশক্তিক কেনেধৰণে নিয়োগযোগ্য কৰিব পাৰো সেয়াহে মূল কথা: ৰণোজ পেগু

ABOUT THE AUTHOR

...view details