ধেমাজি, ২৫ জুলাইঃ ধেমাজিত জীয়াঢলৰ গৰাখহনীয়াই মাতিছে বিপদ । বানৰ পিছতে কেইবাখনো খৰস্ৰোতা নৈৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াইছে ধেমাজিবাসীলৈ ।
জীয়াঢলত চপৰা-চপৰে খহিছে গৰা, শংকিত গঞা - ধেমাজি
ধেমাজিৰ জীয়াঢল নৈয়ে বিগত কেইবাদিন ধৰি কুমটীয়া নদীৰ সোঁপাৰৰ মথাউৰি অভয়পুৰ অংশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিতৌ চপৰা-চপৰে খহিছে গৰা । আতংকিত স্থানীয় ৰাইজে মথাউৰিটোত গছ ,বাঁহ কাটি প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ ওলাই আহিছে ।
ধেমাজিৰ জীয়াঢলৰ নৈয়ে বিগত কেইবাদিন ধৰি কুমটীয়া নদীৰ সোঁপাৰৰ মথাউৰি অভয়পুৰ অংশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিতৌ চপৰা-চপৰে খহাইছে গৰা । জিলাখনৰ গোগামুখ বৰদলনিৰ মথাউৰিটো ছিগিলে বানত ডুব যাব চল্লিশ খনৰো অধিক গাঁও । সেয়ে আতংকিত হৈ স্থানীয় ৰাইজে মথাউৰিটোত গছ ,বাঁহ কাটি প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ ওলাই আহিছে । অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনক উক্ত গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে , নহ’লে যিকোনো মুহূৰ্ততে মথাউৰিটো ছিগি সমগ্ৰ ধেমাজি পানীত ডুব যাব পাৰে বুলি শংকিত হৈছে স্থানীয় ৰাইজ ।
লগতে আন এটা বাতৰি - ৰাজ্যৰ ২০ খনকৈ জিলা পুনৰ বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৭৫ লৈ বৃদ্ধি