অসম

assam

ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অঃজাঃ যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৷ প্ৰতিবাদীক আটক আৰক্ষীৰ ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By

Published : Aug 3, 2019, 5:12 PM IST


ধেমাজি,3আগষ্ট: শনিবাৰে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে উত্তাল হ'ল ধেমাজিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অৱৰোধ কৰিলে 15নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰতিবাদকাৰীসকলে বৃহৎ নদী বান্ধ বন্ধ কৰক , বান্ধ লবী হুচিয়াৰ ,সৰ্বানন্দ সোণোৱালৰ লাজ নাই আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ


উল্লেখ্য যে,ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT) য়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সপক্ষত ৰায় প্ৰদান কৰি অসমৰ বৃহৎ নদীবান্ধ বিৰোধী সংগঠনসমূহৰ প্ৰতিবাদক কোনো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰে দল সংগঠনসমূহ । সেয়ে AJYCP য়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই ত্ৰিশ মিনিট ধৰি ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মাই কয় যে,- জনসাধাৰণৰ কোনো উন্নয়নৰ কথা চিন্তা নকৰি কেৱল পুঁজিপতিসকলৰ কথা চিন্তা কৰি চৰকাৰ বান্ধ লবীৰ পক্ষত থাকি সাধৰণ জনতাৰ লগত হেতালি খেলি আছে । সেয়ে শীঘ্ৰেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ নকৰিলে জনসাধাৰণৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ আগত সকীয়াই দিয়ে নেতাগৰাকীয়ে ৷ ইপিনে প্ৰতিবাদৰ ফলত ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ ৷

ABOUT THE AUTHOR

...view details