জোনাই, 12 জুনঃ কৰ'ণা হাৰিব,দেশ জিকিব ৷ এই মূলমন্ত্ৰ লৈ এতিয়া অৰুণাচল প্ৰদেশৰ জনসাধাৰণেও কৰ'ণা প্ৰতিৰোধী সংগ্ৰামখনত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে চৰকাৰক । এনে এক দৃশ্য দেখা পোৱা গ'ল অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ মিৰেম গাঁৱত ৷ গাঁৱৰ ৰাইজে স্থানীয় বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণ কৰিছে 10টাকৈ ঘৰৰ লগতে বিজ্ঞানসন্মত শৌচাগাৰ ৷ এই ঘৰসমূহ ব্যৱহাৰ কৰা হ'ব বহিঃৰাজ্যৰ পৰা অঞ্চলটোলৈ উভতি অহা লোকৰ কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ৷ চৌপাশৰ পৰা দেৱালেৰে আবৃত নৱনিৰ্মিত ঘৰসমূহত বিজুলী,বিশুদ্ধ খোৱাপানীৰ লগতে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে । ইয়াৰ উপৰিও বাঁহ আৰু টকৌ পাতেৰে সুন্দৰকৈ নিৰ্মাণ কৰা বাসগৃহসমূহত যাতে বহিঃৰাজ্যৰ পৰা অহা লোকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে মিৰেম গাঁওবাসীয়ে।
কৰ'ণা প্ৰতিৰোধৰ বাবে অৰুণাচল প্ৰদেশৰ এখন গাঁৱত ব্যতিক্ৰমী প্ৰচেষ্টা - পূৱ চিয়াং জিলা
গাঁৱৰ ৰাইজে স্থানীয় বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণ কৰিছে 10টাকৈ ঘৰৰ লগতে বিজ্ঞানসন্মত শৌচাগাৰ ৷ এই ঘৰসমূহ ব্যৱহাৰ কৰা হ'ব বহিঃৰাজ্যৰ পৰা অঞ্চলটোলৈ উভতি অহা লোকৰ কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ৷ চৌপাশৰ পৰা দেৱালেৰে আবৃত নৱনিৰ্মিত ঘৰসমূহত বিজুলী,বিশুদ্ধ খোৱাপানীৰ লগতে যাৱতীয় সকলো সা-সুবিধাৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে ।
কৰ'ণা প্ৰতিৰোধৰ বাবে অৰুণাচল প্ৰদেশৰ এখন গাঁৱত ব্যতিক্ৰমী প্ৰচেষ্টা
মিৰেম গাঁওবাসীৰ এনে ব্যতিক্ৰমী সতৰ্কতা আৰু সচেতনতাক এতিয়া শলাগ লৈছে সকলোৱে ৷ এটা কথা স্পষ্ট,জনসাধাৰণৰ সহযোগিতা অবিহনে কেৱল চৰকাৰৰ তৎপৰতাত কৰ'ণা প্ৰতিৰোধী সংগ্ৰামখনত জয়ী হোৱাটো অসম্ভৱ।