অসম

assam

ETV Bharat / state

অৰুণাচলত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা একাংশ দলীয় নেতাৰ - অৰুণাচল চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ মুকলি বিদ্ৰোহ

মুখ্যমন্ত্ৰী পেমা খাণ্ডু চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ একাংশ নেতৃত্বই ঘোষণা কৰিলে মুকলি বিদ্ৰোহ। নদীবান্ধ নিৰ্মাণত বৃহৎ কেলেংকাৰীৰ অভিযোগ অৰুণাচলৰ একাংশ শীৰ্ষ নেতৃত্বৰ ৷

allegation-against-bjp-government-by-bjp-leader-at-arunachal
অৰুণাচলত নিজৰ চৰকাৰৰ বিৰুদ্ধে একাংশ দলীয় নেতাৰ বিদ্ৰোহ ঘোষণা

By

Published : Jul 11, 2020, 8:57 AM IST

জোনাই, ১০ জুলাইঃঅৰুণাচলত এইবাৰ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিল একাংশ শীৰ্ষ নেতৃত্ব। বিজেপিৰ একাংশ নেতৃত্বই মুখ্যমন্ত্ৰী পেমা খাণ্ডু চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিলে । অৰুণাচলত নদীবান্ধ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি নিজ চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । অৰুণাচল পূৱ চিয়াং জিলাৰ সদৰ পাচিঘাটৰ পৰা ২৫ কিল'মিটাৰ নিলগত মেব’ মহকুমাত শাসকীয় দলৰ নেতৃবৃন্দই ৩৫ কোটি টকীয়া নদীবান্ধ আঁচনি ৰূপায়নত সংঘটিত হোৱা দুৰ্নীতিৰ চি.বি.আই তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । পাচিঘাট চহৰৰ পৰা আৰম্ভ হোৱা চিয়াং নদীৰ গৰাখহনীয়াত নামনি অংশৰ দিবাং উপত্যকাৰ কেইবাখনো জিলা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে।

অৰুণাচলত নিজৰ চৰকাৰৰ বিৰুদ্ধে একাংশ দলীয় নেতাৰ বিদ্ৰোহ ঘোষণা

আনহাতে ২০০০ চনৰ পৰা সৃষ্টি হোৱা চিয়াং নদীৰ ভয়ংকৰ গৰাখহনীয়াত ইতিমধ্যে মেব’ৰ অধিকাংশ অঞ্চল নদীৰ বুকুত জাহ গৈছে । চিয়াং উপত্যকা আৰু দিবাং উপত্যকা সংযোগী চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱ উন্নয়ন পৰিষদৰ অধীনত ৩৫ কোটি টকা ব্যয় সাপেক্ষে শৈল বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ।

এই শৈল বান্ধে চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধ কৰিব বুলি স্থানীয় ৰাইজে আশা কৰিছিল যদিও বান্ধ নিৰ্মাণত সংঘটিত দুৰ্নীতি, অনিয়ম আৰু নিম্ন মানৰ কামৰ কাৰণে শৈল বান্ধ ছিঙি যায় । ইফালে চিয়াঙৰ পানীয়ে উটুৱাই নিলে শৈল বান্ধটো । নদীবান্ধ নিৰ্মাণৰ নামত সংঘটিত হোৱা বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে চি.বি.আইক তদন্ত কৰিবলৈ দাবী জনাইছে । নদীবান্ধ নিৰ্মাণৰ নামত আৱন্টিত ৩৫ কোটি টকাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিজেপিৰ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ-প'ষ্টাৰ লৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়কঃসেউজী ধৰণী গঢ়াৰ সপোনত বিভোৰ নলবাৰীৰ নেলচন মেণ্ডেলা

ABOUT THE AUTHOR

...view details