অসম

assam

ETV Bharat / state

ধেমাজিত 'কা' আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি - ধেমাজিত

ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন কৰি ধেমাজিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । 'কা' আন্দোলনৰ সময়ৰ ৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে সংগঠনটোৱে ।

ক'লা পতাকা প্ৰদৰ্শন কৰি ধেমাজিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ
ক'লা পতাকা প্ৰদৰ্শন কৰি ধেমাজিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Dec 11, 2020, 9:51 PM IST

ধেমাজি, ১১ ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত পুনৰ 'কা' বিৰোধী প্ৰতিবাদে কঁপালে ৰাজ্য । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জাতিধ্বংসী আইন বাতিলৰ দাবী উত্থাপন কৰে জাতীয় সংগঠনে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে 'কা' আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা ৫ জন শ্বহীদ ক্ৰমে দীপাঞ্জল দাস, আব্দুল আলিম, ঈশ্বৰ নায়ক, দ্বিজেন্দ্ৰ পাংগিং আৰু ছেম ষ্টেফ’ৰ্ডক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ।

ক'লা পতাকা প্ৰদৰ্শন কৰি ধেমাজিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

ধেমাজি বেচৰকাৰী বাছ আস্থান চৌহদত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ লগতে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, তাই আহোম ছাত্ৰ সন্থা, ধেমাজি শিল্পী সমাজ আৰু স্থানীয় ৰাইজে সহযোগ কৰে । লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে সংগঠনটোৱে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিত দাসে জাতি ধ্বংসী কাৰ্যৰ লগত জড়িত চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ৷

প্ৰতিবাদীস্থলীৰ পৰা বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে সংগঠনটোৱে ৷ ঠায়ে ঠায়ে ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ 'কা' আমি নামানো, অসম বিৰোধী হুচিয়াৰ, জাতি দ্ৰোহী সাৱধান আদি শ্ল'গানেৰে ধেমাজি ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক:নিৰ্বাচন শেষ হোৱাৰ পিছতো চিৰাঙত অব্যাহত নিৰ্বাচনী হিংসা

ABOUT THE AUTHOR

...view details