অসম

assam

ETV Bharat / state

Flood in Dhemaji : পলস পৰা মাটিত কৃষি বিপ্লৱৰ সূচনা প্ৰদীপ বৰ্মনৰ

ধেমাজি জীয়াঢলে পলস পেলাই থৈ যোৱা মাটিত কৃষি বিপ্লৱৰ সূচনা ৷ বিপদক সম্পদলৈ সলনি প্ৰদীপ বৰ্মনৰ ৷

Agriculture revolution in Dhemaji
কৃষক প্ৰদীপ বৰ্মন

By

Published : Jul 9, 2023, 1:36 PM IST

কৃষি বিপ্লৱৰ সূচনা প্ৰদীপ বৰ্মনৰ

ধেমাজি, 9 জুলাই : ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ অন্তগৰ্ত 2 নং টেকজুৰি বৰ্মন গাৱঁত 2007 চনৰ পৰা জীয়াঢলৰ বাঢ়নী পানীয়ে গৰা খহাই তাণ্ডৱ চলায় আহিছে ৷ 2011, 2012, 2013, 2014 বৰ্ষত তাণ্ডৱ চলাই বালিৰে ঘৰ-বাৰী ধ্বংস কৰি পেলায় ৷ ইয়াৰ পিছতে গাওঁখনৰ 65 টা পৰিয়ালে ঘৰ-মাটি-বাৰী এৰি আশ্ৰয় গ্ৰহণ কৰে ধেমাজি সংৰক্ষিত বনাঞ্চলত ৷ অৱশ্যে প্ৰদীপ বৰ্মনৰ পৰিয়ালটোৱে সাহসেৰে মথাউৰিতে বাস কৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল ৷

পৰৱৰ্তী সময়ত গাওঁখনত পুনৰ গছ-বন গজিবলৈ ধৰাত তেওঁ বালিয়ে পুতা গাওঁখনলৈ প্ৰত্যাৱৰ্তন কৰি আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ প্ৰতিবছৰে জীয়াঢলে পলস পেলাই থৈ যোৱা মাটিত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈয়ে বিধে বিধে পাচলি খেতি কৰি পৰিয়ালটো পোহপাল দিছে ৷ জীয়াঢলৰ পলসুৱা মাটিত কেৱল ঘৰৰ গৰুৰ গোৱৰ কিছু মিহলাই স্বাস্থ্যসন্মত পাচলি খেতি কৰি ধেমাজি বজাৰত বিক্ৰী কৰি সমাদৃত হৈছে প্ৰদীপ বৰ্মন ৷ বৰ্তমান প্ৰদীপ বৰ্মনৰ বাৰীত আছে শালি জিকা ,কচু, জাতি লাউ, দাংপতি আদি পাচলি ৷ সম্প্ৰতি জীয়াঢলে এসময়ত মাটি-ভেটি ধ্বংস কৰি আপদ হ’ল যদিও এতিয়া শস্যৰ উৎপাদন হোৱাৰ বাবে জীয়াঢলৰ বালি হৈ পৰিছে কৃষকজনৰ বাবে সম্পদ ৷

কৃষকজনৰ এনে চেষ্টা দেখি ধেমাজি জিলা কৃষি বিভাগৰ দুই এজন বিষয়া-কৰ্মচাৰী আহি পৰিদৰ্শন কৰি উৎসাহিত কৰা বুলি মন্তব্য কৰে কৃষকজনে ৷ উল্লেখ্য যে, ধেমাজি জিলাৰ কালান্তক নদী, জীয়াঢল নদীয়ে প্ৰতিবছৰে ন ন ঠাইত তাণ্ডৱলীলা চলাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে । বাৰিষা সংহাৰী ৰূপ ধাৰণ কৰি এফালে বালি পেলাই ঘৰ-ভেঁটি-পথাৰ পুতি আনফালে গতি লয় ৷

লগতে পঢ়ক :himachal weather : হিমাচলত ৰেড এলাৰ্ট জাৰি; ঘৰ খহি তিনিজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details