অসম

assam

ETV Bharat / state

বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু জোনাই মহকুমা প্ৰশাসন

বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু জোনাই মহকুমা প্ৰশাসন ৷ এক সংবাদমেলযোগে অৱগত কৰিলে অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগীয়ে ৷

By

Published : Jun 23, 2020, 7:01 PM IST

ADC partha pratim Bairagi pressmeet At Jonai
বান পৰিস্থিতিঃ সাজু জোনাই মহকুমা প্ৰশাসন

জোনাই,23 জুনঃ জোনাইত মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগীয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত আগন্তুক বানত সৃষ্টি হ'ব পৰা সমস্যাৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বৈৰাগীয়ে ৷

জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত অনাগত দিনত হ'ব পৰা বানৰ সৈতে মোকাবিলা কৰিবলৈ মহকুমা প্ৰশাসনে হাতত লোৱা বিভিন্ন প্ৰস্তুতি সম্পৰ্কে অৱগত কৰিবলৈ মঙলবাৰে মহকুমাধিপতি কাৰ্যালয়ত এখনি সংবাদ মেলৰ আয়োজন কৰে ৷ এই সংবাদমেলত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগীয়ে জানিব লৈ দিয়ে যে, জোনাইত বাৰিষাৰ সৈতে মোকাবিলা কৰিবলৈ মহকুমা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ থকাৰ লগতে সকলো ধৰণৰ বান সাহাৰ্য পৰ্যাপ্ত পৰিমাণৰ মজুত আছে ৷ ইয়াৰ উপৰিও সমগ্ৰ জোনাই মহকুমাটোক ৬ টা কেন্দ্ৰত ভাগ কৰা হৈছে ৷ প্ৰায় ৪১ টা আশ্ৰয় শিবিৰৰ সমান্তৰালকৈ বানৰ কৱলত আবদ্ধ হৈ থকা বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰিবলৈ এছ ডি আৰ এফ বাহিনীক সাজু কৰি ৰখা বুলিও জানিব লৈ দিয়ে ৷

বান পৰিস্থিতিঃ সাজু জোনাই মহকুমা প্ৰশাসন

এই সংবাদ মেলতে চিয়াং নদীৰ বানৰ কবলত আবদ্ধ হৈ থকা বেৰাচাপৰি অঞ্চলৰ টাৰি মাজ গাঁও, টাৰি কছাৰি, টাৰি বস্তি, বেৰা নগাঁও আদি গাঁৱৰ ৩৭২ টা পৰিয়ালক সোমবাৰে ১০০ খন টিৰপালৰ লগতে চাউল ডাইলকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰা বুলি জানিবলৈ দিয়ে ৷ সংবাদমেলত মহকুমাধিপতিৰ লগতে অতিৰিক্ত আয়ুক্ত তথা মহকুমা জনসংযোগ বিষয়া গায়ত্ৰী পাতিৰ আৰু জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক- আমাৰ লক্ষ্য বিটিচি নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত 2021 নিৰ্বাচন : দুৰ্গাদাস বড়ো

ABOUT THE AUTHOR

...view details