অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধি : জোনাইত আছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

সোমবাৰে জোনাইত জোনাই আঞ্চলিক ছাত্ৰ সন্থা (Jonai AASU) আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ (Protest) ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি (Price Hike)ৰ বিৰুদ্ধে জোনাই শ্বহীদ বেদীৰ প্ৰাংগণত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ আছুৰ ৷

jonai aasu protest
জোনাইত আছুৰ প্ৰতিবাদ

By

Published : Jul 26, 2021, 10:32 PM IST

জোনাই, 26 জুলাই : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি (Price Hike)ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে সোমবাৰে জোনাইত প্ৰতিবাদ (Protest) সাব্যস্ত কৰে জোনাই আঞ্চলিক ছাত্ৰ সন্থা (Jonai AASU) আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ৷ সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ আহ্বানমৰ্মে জোনাই শ্বহীদ বেদীৰ প্ৰাংগণত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আঞ্চলিক আছুৱে ৷ ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ চূড়ান্ত ব্যৰ্থতাৰ অভিযোগ তুলি আলু, পিঁয়াজ, দাইল, তেল আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে ৷ বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্যবৃদ্ধি হ্ৰাস কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে শ্বহীদ বেদীৰ প্ৰাংগণ ৷

উক্ত অৱস্থান ধৰ্মঘট কার্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সঞ্জীৱ দাস, মুখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম, প্ৰচাৰ সম্পাদক কৈলাশ মিৰি, সাংস্কৃতিক সম্পাদক হীৰেণ শৰণীয়া, তথ্য সম্পাদক দেৱজিৎ মৰাণ, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, সাধাৰণ সম্পাদক নয়নজ্যোতি বৰুৱা, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম বৰা, সাধাৰণ সম্পাদক ৰাজৰিছি পেগু ৷

জোনাইত আছুৰ প্ৰতিবাদ

ইয়াৰোপৰি উক্ত প্ৰতিবাদত ভাগ লয় বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মেদিনী দলে, সাধাৰণ সম্পাদক চন্দ্ৰকান্ত বৰুৱাৰ লগতে জোনাই আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল ৷

দেশৰ লগতে ৰাজ্যতো অত্যাৱশ্যকীয় সামগ্ৰীৰ উচ্চ হাৰত মূল্যবৃদ্ধি হোৱাৰ ফলত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷ এফালে মহামাৰী কৰ’ণা (Corona)ৰ সংক্ৰমণ আৰু ইয়াৰ মাজতে মূল্যবৃদ্ধি ৷ লক ডাউনে জুৰুলা কৰা সাধাৰণ শ্ৰেণীৰ লোকসকলৰ বাবে মূল্যবৃদ্ধিয়ে লৈ আহিছে অধিক বিপদ ৷ ইয়াৰ ফলস্বৰূপে অচিৰেই চৰকাৰক মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে আহ্বান জনাই ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতা, আছুৰ লগতে দল-সংগঠনসমূহে ৷

লগতে পঢ়ক :বিহালী বনাঞ্চলক অভয়াৰণ্য ঘোষণাৰ দাবী

ABOUT THE AUTHOR

...view details