অসম

assam

ধেমাজি বালিকা মহাবিদ্যালয়ত আছুৰ সমৰ্থিত প্ৰাথীৰ জয়লাভ

By

Published : Sep 28, 2022, 10:11 AM IST

ধেমাজি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি বালিকা মহাবিদ্যালয়ৰ ২০২২-২৩ শিক্ষাবৰ্ষৰ ছাত্ৰী একতা সভা নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি প্ৰতিটো পদতে আছু সমৰ্থিত প্ৰাথীয়ে জয়লাভ কৰে (AASU-backed candidates wins) ।

AASU-backed candidates wins in Dhemaji Girls' College
ধেমাজি বালিকা মহাবিদ্যালয়ত আছুৰ সমৰ্থিত প্ৰাথীৰ জয়লাভ

ধেমাজি, 28 ছেপ্টেম্বৰ:ধেমাজি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি বালিকা মহাবিদ্যালয়ৰ ২০২২-২০২৩ শিক্ষাবৰ্ষৰ ছাত্ৰী একতা সভা নিৰ্বাচনত (Dhemaji Girls' College Students' Union) সভাপতি, সাধাৰণ সম্পাদককে ধৰি প্ৰতিটো পদতে আছু সৰ্মথিত প্ৰাথীয়ে জয়লাভ কৰে । সাধাৰণ সম্পাদিকা পদত লাকী দত্ত আৰু সাংস্কৃতিক সম্পাদিকা পদত হৰ্ষৰাণী লাহনে প্ৰতিদ্বন্দিতা কৰি বৃহৎ ভোটত জয়লাভ কৰে (AASU-backed candidates wins in Dhemaji Girls' College) ।

সভানেত্ৰী পদত ৰিছমিনা সন্দিকৈ, সহকাৰী সাধাৰণ সম্পাদিকা পায়েল দিহিঙীয়া, আলোচনী সম্পাদিকা বৃষ্টিশিখা গগৈ, ক্ৰিয়া সম্পাদিকা লিজাশ্ৰী কোঁৱৰ, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা অন্তৰীকা বৰগোঁহাই, সমাজ সেৱা সম্পাদিকা মেইনী বৰগোঁহাইয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে । তেওঁলোকে জয়লাভ কৰা পাছতে আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য‍ালয়ৰ শ্বহীদ উদ্যানত এখন শুভেচ্ছামূলক সভা আয়োজন কৰা হয় ।

ধেমাজি বালিকা মহাবিদ্যালয়ত আছুৰ সমৰ্থিত প্ৰাথীৰ জয়লাভ

শুভেচ্ছামূলক সভাত উপস্থিত থাকে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা, জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক জয়ন্ত বৰগোঁহাই , ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৰুণ জ্যোতি চেতিয়া ৷ লগতে শুভেচ্ছামূলক সভাত উপস্থিত থাকি সাধাৰণ সম্পাদক ৰন্টু গগৈয়ে ছাত্ৰীসকলক মহাবিদ্যালয় ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ হকে নিষ্ঠা সততাৰে কাম কৰি যাবলৈ আহ্বান জনায় ।

উল্লেখ্য বিজয়ী প্ৰাথী সকলক লগত লৈ মহাবিদ্যালয়ৰ পৰা ধেমাজি আছু কাৰ্যালয়লৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:পৃথক বড়োলেণ্ডৰ দাবীৰে বড়ো নেছনেল ষ্টুডেণ্টছ ইউনিয়নৰ উদ্যোগত গণসমাৱেশ

ABOUT THE AUTHOR

...view details