ধেমাজি, 29 জুলাই:কোচ ৰাজবংশী সকলৰ জাতীয় সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। চাৰিটা গোটত বিভক্ত আক্ৰাছুৱে শনিবাৰে একত্ৰিত হৈ ধেমাজিৰ চিমেন চাপৰিৰ শিল্পী সংঘৰ বাকৰিত পালন কৰে ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ পৰাই জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে আক্ৰাছুৰ চাৰিটা গোটৰ নেতৃত্বই আহ্বান জনাই চৰকাৰলৈ ।
‘জনজাতিকৰণ, কমতাপুৰ ৰাজ্য গঠনৰ নামত কি কংগ্ৰেছ, কি বিজেপি সকলোৱেই কোচ ৰাজবংশীসকলক প্ৰৱঞ্চনা কৰি আহিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোৰ সমস্যা সমাধান নকৰিলে পশ্চিমবংগ আৰু অসমত থকা কোচ ৰাজবংশীসকল একত্ৰিত হৈ বিজেপি হটাও কোচ ৰাজবংশী বচাও শ্ল’গানেৰে প্ৰচাৰ চলোৱা হ'ব ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আমাৰ সমস্যা সমাধান নকৰিলে অসমত ৰাজবংশীসকলৰ নায্যপ্ৰাপ্তিৰ বাবে সুকিয়াকৈ ৰাজনৈতিক দল গঠনৰো চিন্তা-চৰ্চা কৰা হ'ব ৷ চৰকাৰৰ ভূমিকৰাৰ বিৰুদ্ধে প্ৰতিবাদ নকৰি হাত হাবটি বহি থকাতকৈ মৰি যোৱাই ভাল হ’ব ৷ কাৰন কোচ সকল যোদ্ধা ৷’ এই হুংকাৰ আক্ৰাছুৰ সাধাৰণ সম্পাদক হেমকান্ত কোচ বৰাৰ ৷