অসম

assam

ETV Bharat / state

ধেমাজিত ৰাইজৰ দলৰ বিশাল বাইক ৰেলী

প্ৰায় তিনি শতাধিক ৰাইজৰ দলৰ কৰ্মীয়ে শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। দলটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বয়কৰ ডাঃ হৰিকান্ত দাসে কয় যে তেওঁলোকৰ এই জনজাগৰণ যাত্ৰা ৰাইজক সজাগ কৰি তুলিব বিচাৰিছে ।

ধেমাজিত ৰাইজৰ দলৰ বিশাল বাইক ৰেলী
ধেমাজিত ৰাইজৰ দলৰ বিশাল বাইক ৰেলী

By

Published : Oct 13, 2020, 5:43 PM IST

ধেমাজি,১৩ অক্টোবৰঃ বিশাল বাইক ৰেলীৰে মংগলবাৰে গোগামুখৰ পৰা সমদল উলিয়াই ধেমাজি নগৰলৈ আহে ৰাইজৰ দলৰ কৰ্মীসকলে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে সমগ্র ঘাই পথছোৱা উত্তাল কৰি তোলে । প্ৰায় তিনি শতাধিক ৰাইজৰ দলৰ কৰ্মীয়ে শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। দলটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বয়কৰ ডাঃ হৰিকান্ত দাসে কয় যে তেওঁলোকৰ এই জনজাগৰণ যাত্ৰা ৰাইজক সজাগ কৰি তুলিব বিচাৰিছে । বৰ্তমান অসমৰ ৰাজনীতি বাৰ্তাবৰণ অসুস্থ হৈ পৰিছে । মূল্যবোধৰ ৰাজনীতি নোহোৱা হৈছে । বিজেপি আৰু RSS এ উন্নয়নৰ নামত কেৱল মুছলমান আৰূ হিন্দুৰ মাজত। কাজিয়া লগাই ভাতৃত্ববোধ নোহোৱা কৰিছে বুলি মন্তব্য কৰে ।

তিনি শতাধিক ৰাইজৰ দলৰ কৰ্মীয়ে শক্তি প্ৰদৰ্শন কৰে
লগতে চাওকঃ সন্ধানহীন চোৰাং মাছমৰীয়াৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details