অসম

assam

By

Published : Feb 10, 2023, 11:03 PM IST

ETV Bharat / state

Sankardev Sangha Conference: পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত আৰম্ভ ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশন

আজিৰে পৰা জোনাইৰ চেৰেন পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশন ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অধিৱেশনত আগমন ঘটিছ শ শ ভকত বৈষ্ণৱৰ । অধিৱেশনত উপলক্ষে উদুলি মুদুলি জোনাইৰ চেৰেণ পথাৰ ৷

92nd Sankardev Sangha Conference started in Jonai
জোনাইত আজিৰে পৰা আৰম্ভ ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশন

জোনাইত আজিৰে পৰা আৰম্ভ ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশন

জোনাই, ১০ ফেব্ৰুৱাৰী: অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান হৈছে শ্ৰীমন্ত শকংৰদেৱ সংঘ (Srimanta Sankaradeva Sangha)। মহাপুৰুষ শ্ৰীমন্ত শকংৰদেৱ আদৰ্শ আৰু সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল লক্ষ্য । সংঘৰ নিজা সংবিধান আৰু গুৰুজনাৰ জন্মৰ পৰা গণনা কৰা শংকৰাব্দ নামৰ দিনপঞ্জী আছে ।

গুৰুজনাই দেখুৱাই থৈ যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল । শ্ৰীমন্ত শকংৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন প্ৰত্যেক বছৰে অসমৰ একো একোখন জিলাত অনুষ্ঠিত কৰা হয় । এই অধিৱেশনত লক্ষৰো অধিক লোকৰ সমাগম হয় ।

প্ৰত্যেক বছৰৰ দৰে জোনাইৰ চেৰেন পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত এইবাৰো আৰম্ভ হৈছে ৯২ সংখ্যক শংকৰ সংঘৰ অধিৱেশন (92st Srimanta Sankardev Sangha Annual Conference) ৷ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শংকৰ সংঘৰ অধিৱেশন (Paramanand Ata Samannya Kshetra) ৷ অধিৱেশনক কেন্দ্ৰ কৰি উদুলি মুদুলি জোনাইৰ চেৰেণ পথাৰ । আগমন ঘটিছে চেৰেণ পথাৰলৈ শ শ ভকত বৈষ্ণৱৰ ।

পৰমানন্দ আতা সম্বন্ধয় ক্ষেত্ৰত আৰম্ভ হোৱা ৯২ সংখ্যক শংকৰসংঘৰ অধিৱেশনত প্ৰতিকূল বতৰকো নেওচি অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ উপস্থিতিত অধিৱেশনৰ আজি পুৱা ৫ বজাত জিলা সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ হয় । প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগ, গছপুলি ৰোপণৰ পাছতে পুৱা ৭ বজাত চিচি শিৰোমণি আঞ্চলিক শাখাৰ নামাচাৰ্য্য নিতু হাজৰিকাৰ দ্বাৰা নাম প্ৰসংগ কৰা হয় (92nd Sankardev Sangha Conference started in Jonai)।

ইয়াৰ পাচত পুৱা ৮ বজাত গছপুলি ৰোপণ কৰে ভূমি সংৰক্ষণ বিভাগৰ ধেমাজি-জোনাই সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া তাপশী কলিতাই । ৯ বজাত মূল তোৰণ উন্মোচন কৰে ধেমাজি জিলাৰ জিলা উপায়ুক্ত পল্লৱী ফুকনে । উল্লেখ্য যে ১০ হাজাৰ লোকে একে লগে খাব পৰা ভোজনালয়, তিনি শতাধিক চৌকা, ১০০ টা প্ৰতিনিধি শিবিৰ, বিভিন্ন উপ সমিতিৰ কাৰ্যালয়, গ্ৰন্থমেলা আৰু বানিজ্য মেলাৰ শুভ উদ্বোধন কৰা হয়৷

মুঠৰ ওপৰত লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আগমনৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে জোনাইৰ চেৰেণ পথাৰ (Sankardeva Sangha Adhibekhon in Jonai) ৷

লগতে পঢ়ক:Sankardev Sangha Controversy: শংকৰ সংঘ বিতৰ্কত সৰৱ টাই আহোম সংগঠন

ABOUT THE AUTHOR

...view details