অসম

assam

By

Published : Jun 8, 2020, 9:44 PM IST

ETV Bharat / state

চিমেন চাপৰিত দহ কেজি ওজনৰ অজগৰ উদ্ধাৰ

সোমবাৰে ধেমাজি জিলাৰ চিমেন চাপৰিত এটা অজগৰ উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা অজগৰডাল আঠ ফুট দীঘল হোৱাৰ বিপৰীতে দহ কেজি ওজন হ'ব বুলি সন্দেহ কৰিছে বন বিভাগে ।

8 fet Long python recoverd in dhemaji simen chapari area
8 fet Long python recoverd in dhemaji simen chapari area

জোনাই, ৮ জুন : লকডাউনৰ মাজতে সোমবাৰে ধেমাজি জিলাৰ চিমেন চাপৰিত এটা অজগৰ উদ্ধাৰ হয় কৰা হয় । উদ্ধাৰ হোৱা অজগৰডাল আঠ ফুট দীঘল হোৱাৰ বিপৰীতে দহ কেজি ওজন হ'ব বুলি সন্দেহ কৰিছে বন বিভাগে ।

উল্লেখযোগ্য যে, বিয়লি পাঁচ বজাত চিমেন চাপৰি শেনছোৱা গাঁৱৰ মোহন সন্দিকৈৰ এটা পৰিত্যক্ত ঘৰৰ চাঙত অৱস্থান কৰি থকা অৱস্থাত স্থানীয় ৰাইজে অজগৰডাল প্ৰত্যক্ষ কৰে।

চিমেন চাপৰিত দহ কেজি ওজনৰ অজগৰ উদ্ধাৰ

লগে লগে তেলাম বন খণ্ড কাৰ্য্যালয়ৰ বন খণ্ড বিষয়া ইন্দ্ৰ গগৈ, বন বিষয়া ললিত ৰিছং, হেমচন্দ্ৰ পাঞাঙ উক্ত স্থানত উপস্থিত হৈ ৰাইজৰ সহযোগত অজগৰডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উদ্ধাৰ হোৱা অজগৰডাল বনাঞ্চলত মুকলি কৰি দিয়া হয় ।

লগতে পঢ়ক :গোৰেশ্বৰত দুবছৰীয়া শিশুৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details